• Home
  • »
  • News
  • »
  • assam
  • »
  • Teacher Appointment: TET উত্তীৰ্ণ B.ED অধ্যয়নৰত শিক্ষাৰ্থীৰ বাবে ভাল খবৰ দিলে শিক্ষামন্ত্ৰীয়ে ৰণোজ পেগুৱে

Teacher Appointment: TET উত্তীৰ্ণ B.ED অধ্যয়নৰত শিক্ষাৰ্থীৰ বাবে ভাল খবৰ দিলে শিক্ষামন্ত্ৰীয়ে ৰণোজ পেগুৱে

টেট উত্তীৰ্ণৰ দোমোজা ভাঙিলে শিক্ষামন্ত্ৰীয়ে

টেট উত্তীৰ্ণৰ দোমোজা ভাঙিলে শিক্ষামন্ত্ৰীয়ে

টেট উত্তীৰ্ণৰ দোমোজা ভাঙিলে শিক্ষামন্ত্ৰীয়ে

  • Share this:
মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে শীঘ্ৰে ১ লাখ শিক্ষিত নিবনুৱাক চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে।  লগতে প্ৰতিটো বিভাগক কিদৰে অধিক গতিশীল কৰিব পাৰি,সেইলৈও যাৱতীয় প্ৰস্তুতি অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

মূলতঃ শিক্ষা , আৰক্ষী আদি গুৰুত্বপূৰ্ণ  বিভাগসমুহত অধিক নিযুক্তিৰ ব্যৱস্থা কৰি পৰিবৰ্তনৰ লগতে শিক্ষিত নিবনুৱাৰ সংস্থাপনৰ বিষয়টোও ৰাজহুৱা কৰিছে। তেনে সময়তে টেট উত্তীৰ্ণ তথা বি এড অধ্যয়নৰত চতুৰ্থ ষান্মাষিকৰ শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ দিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে।

উল্লেখ্য যে, ৰাজ্যৰ শিক্ষা ব্যৱস্থাত ক'ভিড-১৯ য়ে বাৰুকৈয়ে প্ৰভাৱ পেলোৱাৰ সময়তে টেট উত্তীৰ্ণ তথা বি এডৰ চতুৰ্থ ষান্মাষিকত অধ্যয়নৰত শিক্ষাৰ্থীসকলে শিক্ষক পদত আবেদন কৰিব পাৰিব নে নোৱাৰে সেইলৈ দোমোজাত আছিল। কিয়নো ২০১৯ বৰ্ষৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত বি এড অধ্যয়নৰত শিক্ষাৰ্থী সকলে তৃতীয় ষান্মাষিকৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ নাপালে যদিও সম্প্ৰতি চতুৰ্থ সান্মাষিকত তেওঁলোকক নামভৰ্তি কৰিবলৈ দিলে। কিন্তু কোভিড-১৯ পৰিণতিত তেওঁলোকৰ পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাত পলম হোৱাৰ বাবে এতিয়া শিক্ষা বিভাগৰ চাকৰিত এইসকলে আবেদন কৰিব পাৰিবনে নাই, সেই লৈ সন্দেহৰ আৱৰ্তত আছিল।

তেনে সময়তে NEWS 18ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় -  '২০১৯ বৰ্ষৰ টেট উত্তীৰ্ণ বি এডৰ ছাত্র-ছাত্ৰীসকলে এই ক্ষেত্ৰত  ইতিবাচক সঁহাৰি পাব। শিক্ষক পদৰ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পোৱাৰ পুৰ্বেই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিব আৰু সকলো পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। এই ক্ষেত্ৰত তেওঁলোকে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই।'
Published by:Himangshu Bhuyan
First published: