চাহ শ্ৰমিকে লাভ কৰিব ১৪২ বিধ বিনামূলীয়া ঔষধ, সংবাদমেলত মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ

৩১ ছেপ্টেম্বৰত চাহ উদ্যোগক লৈ নিৰ্মলা সীতাৰমনৰ সৈতে আলোচনা কৰা হ’ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে।

News18-Assam
Updated:September 24, 2019, 4:14 PM IST
চাহ শ্ৰমিকে লাভ কৰিব ১৪২ বিধ বিনামূলীয়া ঔষধ, সংবাদমেলত মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ
৩১ ছেপ্টেম্বৰত চাহ উদ্যোগক লৈ নিৰ্মলা সীতাৰমনৰ সৈতে আলোচনা কৰা হ’ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে।
News18-Assam
Updated: September 24, 2019, 4:14 PM IST
চাহ শ্ৰমিকৰ বাবে ভাল খবৰ। বাগিচাৰ শ্ৰমিকে লাভ কৰিব ১৪২ বিধ বিনামূলীয়া ঔষধ। সংবাদ মেলত এই ঘোষণা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে অস্ত্ৰোপচাৰৰ সঁজুলিও যোগান ধৰা হ’ব বিনামূলীয়াকৈ। বাগিচাসমূহৰ চিকিৎসালয়ে সংগ্ৰহ কৰিব লাগিব বিনামূলীয়া ঔষধ। স্বাস্থ্য বীমাৰে বাগানৰ সমস্যা সমাধান কৰিব পৰা যাব বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই।

বিকাশে সামাজিক অৱক্ষয় ৰোধ কৰিব বুলি মন্তব্য কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে টীয়ক বাগিচাত হোৱা ঘটনাৰ বাবে সমগ্ৰ চাহ জনজাতিক দোষ দিয়া অনুচিত। এজন চিকিৎসকে ৫০০ ৰোগীক চাবলৈ গ’লে এনেবোৰ ঘটনা ঘটিবই। ডকমকাকৰ ঘটনাৰ বাবেও কাৰ্বিভূমিৰ সকলো লোক দোষী নহয়।

অসমৰ চাহ উদ্যোগক লৈ মন্ত্ৰীগৰাকীয়ে কয় যে চাহ উদ্যোগৰ অৱস্থা ভাল নহয়। চাহ বাগানৰ মালিকৰ অৱস্থা বেয়া। বাগানে কেঁচাপাতৰ ওপৰত দিবলগীয়া উপকৰ উঠাই দিয়া হৈছে বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। ৩১ ছেপ্টেম্বৰত চাহ উদ্যোগক লৈ নিৰ্মলা সীতাৰমনৰ সৈতে আলোচনা কৰা হ’ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি