
শাৰদীয় দুৰ্গোৎসৱৰ পূৰ্বে ২০ শতাংশ বোনাচ প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে।
শাৰদীয় দুৰ্গোৎসৱৰ পূৰ্বে ২০ শতাংশ বোনাচ প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে।
বুধবাৰে দুলীয়াজান সমষ্টিৰ অন্তৰ্গত পুৰণি ডিৰিয়াল চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি উদ্ভৱ হয়। বুধবাৰে চাহ মজদুৰ সংঘৰ উদ্যোগত শতাধিক চাহ শ্ৰমিকে দুলীয়াজানৰ ডিৰিয়াল চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে।
উল্লেখযোগ্য যে শ্ৰমিক সকলৰ দৰমহা ৩৫১ টকালৈ বৃদ্ধি কৰা আৰু শাৰদীয় দুৰ্গোৎসৱৰ পূৰ্বে ২০ শতাংশ বোনাচ প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে। প্ৰতিবাদকাৰীৰ দাবীসমূহ শীঘ্ৰে কাৰ্যকৰী নকৰিলে পৰৱৰ্তী সময়ত জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|