দিছপুৰৰ জনতা ভৱনত বুধবাৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চাহ বাগিচাৰ মালিক পক্ষৰ পৰ্য্যালোচনা সভা অনুষ্ঠিত হয়। পৰ্য্যালোচনা সভাত শ্ৰম মন্ত্ৰী তথা তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষান, ডুমডুমা সমষ্টিৰ বিজেপি বিধায়ক ৰূপেশ গোৱালা, কংগ্ৰেছৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱনছিং ঘাটোৱাৰ উপস্থিত আছিল। সভাত অসমৰ বিভিন্ন চাহ বাগিছাৰ মালিকো উপস্থিত থাকে।
বুধবাৰৰ এই গুৰুত্বপূৰ্ণ সভাতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২৭ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। চৰকাৰৰ সিদ্ধান্ত অনুযায়ী এতিয়াৰে পৰা ব্ৰহ্মপুত্ৰ উপত্যকাত ২০৫ টকাৰ পৰা ২৭ টকা বাঢ়ি ২৩২ টকা হল আৰু বৰাক উপত্যকাত ১৮৩ টকাৰ পৰা ২৭ টকা বাঢ়ি ২১০ টকা হল। এই মজুৰি চলিত বৰ্ষৰ ১ আগষ্ট পৰা কাৰ্যকৰী হ'ব বুলি নিউজ১৮ক জনাই শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে। শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে চৰকাৰৰ এই সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়।
Published by: Kokil Sarma
FIRST PUBLISHED : August 10, 2022, 17:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।