உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'হাইস্কুল স্থাপনৰ পিছত চাহ বাগিচাত স্থাপন কৰা হ'ব উচ্চতৰ মাধ্যমিক বিদ্যালয়'- আগন্তুক ৫ বছৰত কি কি কাম কৰিব, সকলো ক'লে মন্ত্ৰী সঞ্জয় কিষাণে

    'হাইস্কুল স্থাপনৰ পিছত চাহ বাগিচাত স্থাপন কৰা হ'ব উচ্চতৰ মাধ্যমিক বিদ্যালয়'- আগন্তুক ৫ বছৰত কি কি কাম কৰিব, সকলো ক'লে মন্ত্ৰী সঞ্জয় কিষাণে

    চাহ শ্ৰমিকৰ উন্নয়ন আৰু সামগ্ৰিক পৰিকল্পনাৰ ব্যাখ্যা দিলে 

    চাহ শ্ৰমিকৰ উন্নয়ন আৰু সামগ্ৰিক পৰিকল্পনাৰ ব্যাখ্যা দিলে 

    চাহ শ্ৰমিকৰ উন্নয়ন আৰু সামগ্ৰিক পৰিকল্পনাৰ ব্যাখ্যা দিলে 

    • Share this:
    অহা পাঁচটা বছৰত কি কি কাম কৰিব ৰাজ্যৰ শ্ৰম আৰু চাহ জনগোষ্ঠীৰ উন্নয়ন মন্ত্ৰী সঞ্জয় কিষাণে? এই সন্দৰ্ভত সোমবাৰে News18ৰে হোৱা এক বাৰ্তালাপত মন্ত্ৰী সঞ্জয় কিষাণে বিস্তৃত ব্যাখ্যা আগবঢ়ায় ৷ পাঁচবছৰীয়া পৰিকল্পনাৰ কথা সদৰি কৰি মন্ত্ৰী কিষাণে জনালে নিম্ন লিখিত কথাখিনি-

    চাহ বাগিচাত চৰকাৰী আঁচনিঃ
    ১) ২০১৬ৰ পৰাই চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে চৰকাৰে অহৰহ কাম কৰি আছে ৷ এই প্ৰক্ৰিয়া অব্যাহত থাকিব ৷
    ২) স্কোলাৰশ্বিপ প্ৰদানৰ ফলত বহু দুখীয়া ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে, এইবাৰো এই সংখ্যা বৃদ্ধিৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰা হৈছে ৷
    ৩) অভাৱ-অনাটনত থকা নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে ২৫ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱা হৈছিল; অনাগত দিনতো এই প্ৰক্ৰিয়া অব্যাহত থাকিব ৷
    ৪) মেট্ৰিক উত্তীৰ্ণক ১০ হাজাৰ, হায়াৰ চেকেণ্ডাৰী উত্তীৰ্ণক ১০ হাজাৰকৈ স্ক'লাৰশ্বিপ দিছো, উচ্চ শিক্ষা-কাৰিকৰী শিক্ষা লাভ কৰাসকলক ৩৫-৪০ হাজাৰ টকাৰ অনুদান দিয়া হৈছিল ৷ আগন্তুক দিনতো অব্যাহত থাকিব এই প্ৰক্ৰিয়া ৷
    ৫) একেলগে ১১৯খন হাইস্কুলৰ কাম লোৱা হৈছিল, প্ৰায়বোৰ হাইস্কুলৰ কাম ৫০ শতাংশ সম্পন্ন হৈছে, সোনকালে পাঠদান আৰম্ভ হ'ব ৷
    ৬) চাহ বাগিচাৰ ১১৯খন হাইস্কুলৰ লগতে শীঘ্ৰে হায়াৰ চেকেণ্ডাৰীও প্ৰতিষ্ঠা কৰা হ'ব ৷

    বাগানত আঁচনিৰ সঠিক ৰূপায়নঃ
    ১) আঁচনিসমূহ বাস্তৱায়িত কৰিবলৈ সকলোৰে সহযোগিতা লাগিব, কেৱল চৰকাৰেই চেষ্টা কৰিব তেনে নহয় ৷
    ২) কোনো চিকিৎসালয়ত কি অভাৱ আছে চৰকাৰে চাই আছে, কোনো কাৰণতে যাতে অৱহেলিত নহয় তাৰ বাবে চৰকাৰে দৃষ্টি ৰাখিছে ৷
    ৩) যদি ক'ৰবাত কোনো বিভাগত মানুহৰ সংখ্যা কম আছে সেয়া ব্যৱস্থা কৰা হ'ব, যদি সমস্যা আছে সমাধান কৰা হ'ব ৷
    ৪) সকলোৱে যাতে ঘৰে ঘৰে পানী লাভ কৰে; তাৰ বাবে জল জীৱন আঁচনিৰ জৰিয়তে ব্যৱস্থা কৰা হৈছে ৷
    ৫) আগন্তুক দিনত বহলভাৱে সমস্যাসমূহ সমাধানৰ ব্যৱস্থা কৰা হ'ব, মুখ্যমন্ত্ৰীয়েও চাই আছে ৷

    বাগানত কোৰোনাৰ প্ৰভাৱঃ

    ১) ২০২০ত কোৰোণাই চাহ বাগিচাত বিশেষ প্ৰভাৱ পেলোৱা নাছিল, কিন্তু ২০২১ত কোৰোনাই প্ৰভাৱ পেলাইছে ৷
    ২) চাহ বাগিচাবোৰত কোভিড সংক্ৰমণ যথেষ্ট বৃদ্ধি হৈছে ৷
    ৩) পজিটিভ হোৱা সকলক ঘৰত থাকিবলৈ দিয়া নাই, সমূহীয়া কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছে ৷
    ৪) কোৱাৰেণ্টাইনত থকাসকলৰ পৰিয়াল যাতে বিপদত নপৰে তাৰবাবে ২ হাজাৰ টকাৰ খাদ্য সামগ্ৰী যোগান ধৰা হৈছে ৷
    ৫) কোৱাৰেণ্টাইনত ৰখাসকলকো প্ৰতিদিনে খোৱা-বোৱাৰ বাবদ ৩০০ টকাকৈ প্ৰদান কৰা হৈছে ৷
    ৬) যদি কোনো বাগানত পজিটিভক ৰখা হৈছে তেন্তে খোৱা-বোৱাৰ দায়িত্ব বাগান কৰ্তৃপক্ষই কৰিব, বিল প্ৰদান কৰিলে সেই ধন তেওলোকে উভতাই পাব ৷
    ৭) ভেকচিনৰ বহুত প্ৰয়োজন হৈছে, সমগ্ৰ অসমতে ভেকচিনৰ মাত্ৰা কম আছে ৷
    ৮)  চাহ শ্ৰমিকে ভেকচিন পাবলৈ পৰিচয়পত্ৰ বা পঞ্জীয়ন কৰিব নালাগে ৷
    ৯) কোনো কোনোৱে কোভিডক লৈ অপপ্ৰচাৰো চলাইছে, কমিটী বনাই সকলোকে বুজাবলৈ কোৱা হৈছে ৷
    Published by:Himangshu Bhuyan
    First published: