ক'ভিডকালীন পৰিস্থিতিত চাহ বাগিচাৰ শ্ৰমিকসকলৰ স্বাস্থ্যৰ সুৰক্ষা আৰু নিৰাপত্তাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে অসম চাহ জনজাতি ছাত্র সন্থাৰ বিশ্বনাথ জিলা সমিতিয়ে। এই সন্দৰ্ভত বিশ্বনাথ জিলাত অব্যাহত থকা ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মজুৰিসহ চাহ শ্ৰমিকসকলৰ ছুটী ঘোষণা কৰি চাহ বাগিচাসমূহ বন্ধৰ দাবীত আজি অসম চাহ জনজাতি ছাত্র সন্থাৰ বিশ্বনাথ জিলা সমিতিয়ে বিশ্বনাথ জিলাৰ উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে। অসম চাহ জনজাতি ছাত্র সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি ধীৰাজ তাঁতী আৰু সাধাৰণ সম্পাদক নীলোৎপল ৰবিদাসৰ দ্বাৰা স্বাক্ষৰিত স্মাৰক পত্ৰখনত উল্লেখ কৰা হৈছে যে অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰা শেহতীয়া আদেশ অনুসৰি অসমৰ পাঁচখন জিলাৰ ভিতৰত বিশ্বনাথ জিলাখনো ৰেড জিলা হিচাপে ঘোষণা কৰিছে। সেই অনুসৰি জিলাখনত সম্পূৰ্ণ লকডাউন হৈ গৈছে।
কিন্তু পৰিতাপৰ বিষয় যে বৰ্তমানেও চাহ বাগিচাসমূহত স্বাভাৱিক জীৱনযাত্ৰা অব্যাহত আছে। বাগিচাৰ কল-কাৰাখানা খোলা ৰাখি বাগিচাৰ ৰাইজক নিশ্চিত বিপদৰ মুখলৈ ঠেলি দিয়া যেন অনুভৱ হৈছে বুলি স্মাৰক পত্ৰখনত উল্লেখ কৰা হৈছে। স্মাৰক–পত্ৰখনত উল্লেখ কৰা মতে, ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগ তথা বিশ্ব স্বাস্থ্য সন্থাই বৰ্তমান ভাৰতত তৃতীয় লহৰ অহা সম্পৰ্কে সকলোকে সজাগ কৰিছে। তাৰ লগে লগে এইবাৰ তৃতীয় লহৰে শিশুসকলক সংক্ৰমিত কৰিব বুলি সকীয়াই দিছে। বৰ্তমান জিলাখনত বহু শিশু কোৰোণাৰ দ্বাৰা সংক্ৰমিত হৈছে। সেইবাবে অসম চাহ জনজাতি ছাত্র সন্থাৰ বিশ্বনাথ জিলা সমিতিয়ে চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ স্বাস্থ্য আৰু নিৰাপত্তাৰ বিষয়টোক লৈ যথেষ্ট উদ্বিগ্ন হৈছে।
গতিকে স্মাৰক পত্ৰ খনৰ জৰিয়তে অসম চাহ জনজাতি ছাত্র সন্থাৰ বিশ্বনাথ জিলা সমিতিয়ে দাবী উত্থাপন কৰে যে অতি শীঘ্ৰে জৰুৰীকালীনভাৱে সমগ্ৰ চাহ বাগিচাসমূহ কন্টেইনমেন্ট জ'ন ঘোষণা কৰি বাগিচা বন্ধ ঘোষণা কৰক। লগতে চাহ শ্ৰমিক সকলক বাগিচা শ্ৰম আইন অনুসৰি মজুৰিসহ ছুটী ঘোষণা কৰিবলৈ বাগিচা কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰক। যেতিয়ালৈকে কোৰোণা সংক্ৰমণ হ্ৰাস নহয়, তেতিয়ালৈকে বাগিচাৰ কল-কাৰখানা তথা অন্যান্য কাম- কাজ বন্ধ ৰখা হওক বুলিও স্মাৰক পত্ৰখনত উল্লেখ কৰা হৈছে।
স্মাৰক পত্ৰ প্ৰদানৰ প্ৰতিনিধি দলটোত অসম চাহ জনজাতি ছাত্র সন্থাৰ বিশ্বনাথ জিলাৰ সভাপতি–সাধাৰণ সম্পাদকৰ লগতে কাৰ্যনিৰ্বাহক সদস্য অমিত তাছা আৰু প্ৰাক্তন আটছা নেতা পংকজ মহানন্দ উপস্থিত থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।