মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Tea Garden: নুমলীগড়ৰ চাহ বাগিচাত জীৱন সংগ্ৰামৰ জীয়া ছবি। প্ৰকৃতিৰ কোপত পৰি ছাৰ-খাৰ হোৱা বাগিচা জীয়াই ৰাখিবলৈ চাহ বনুৱাই কৰিছে অনবদ্য সংগ্ৰাম।

Assam Tea Garden: নুমলীগড়ৰ চাহ বাগিচাত জীৱন সংগ্ৰামৰ জীয়া ছবি। প্ৰকৃতিৰ কোপত পৰি ছাৰ-খাৰ হোৱা বাগিচা জীয়াই ৰাখিবলৈ চাহ বনুৱাই কৰিছে অনবদ্য সংগ্ৰাম।

নুমলীগড়ৰ বহু চাহ খেতিয়ক আৰু বাগিচাৰ শ্ৰমিকে চাহ বাগিচাখন জীয়াই ৰাখিবলৈ হাতে হাতে বাল্টিং,কলহ লৈ চাহ গছত দিছে পানী।

নুমলীগড়ৰ বহু চাহ খেতিয়ক আৰু বাগিচাৰ শ্ৰমিকে চাহ বাগিচাখন জীয়াই ৰাখিবলৈ হাতে হাতে বাল্টিং,কলহ লৈ চাহ গছত দিছে পানী।

নুমলীগড়ৰ বহু চাহ খেতিয়ক আৰু বাগিচাৰ শ্ৰমিকে চাহ বাগিচাখন জীয়াই ৰাখিবলৈ হাতে হাতে বাল্টিং,কলহ লৈ চাহ গছত দিছে পানী।

  • Share this:
নুমলীগড়ৰ এখন চাহ বাগানত বনুৱাৰ জীৱন সংগ্ৰামে ভবাই তুলিছে সকলোকে।  এফালে কাল কোৰোণাৰ সংহাৰ আনফালে ৰুষ্ট প্ৰকৃতি। প্ৰকৃতিৰ ৰোষত পৰি নুমলীগড়ত সৰু-ডাঙৰ বহু চাহ বাগিচাত মৰিব ধৰিছে চাহ গছ।

এনে পৰিস্থিতিত নুমলীগড়ৰ বহু চাহ খেতিয়ক আৰু বাগিচাৰ শ্ৰমিকে চাহ বাগিচাখন জীয়াই ৰাখিবলৈ হাতে হাতে বাল্টিং,কলহ লৈ চাহ গছত দিছে পানী।

গোলাঘাট জিলাৰ মৰঙী মৌজাৰ প্ৰায় ৭০ শতাংশ লোকেই পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে চাহ খেতিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু প্ৰচণ্ড খৰাঙৰ ফলত মৃতপ্ৰায় হৈ পৰিছে বৃহৎ বৃহৎ চাহ বাগিচাৰ চাহ গছ। বন্ধ হৈ পৰিছে ইটোৰ পিছত সিটো চাহ ফেক্টৰী। হাহাকাৰ অৱস্থা  চাহ শ্ৰমিক আৰু ক্ষুদ্ৰ চাহ  খেতিয়কসকলৰ । দুবেলা দুসাজ খাবলৈ চিন্তাএতিয়া চাহ শ্ৰমিকৰ ।

উপায় নাপাই টেংকাৰেৰে পানীআনি, ঘৰৰ পৰা যিয়ে যেনেকৈ পাৰে পুৰুষ-মহিলা সকলোৱে হাতে হাতে কলহ , বাল্টিং লৈ বাগিচাত পানী দিবলৈ ওলাই আহিছে। মৃতপ্ৰায় চাহ গছ সমূহত পানী দি গছসমূহ জীয়াই ৰখাৰ চেষ্টা কৰিছে এই সকল চাহ শ্ৰমিকে।

ৰাইজে নখ জোকাৰিলে বোলে নৈ বয়। নুমলীগড়ৰ এইসকল চাহ খেতিয়ক আৰু বনুৱাৰ এই সংগ্ৰাম সফল হোৱাৰেই কামনা কৰিছে সকলোৱে। লগতে তাৎক্ষণিক ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে চৰকাৰক।

শেহতীয়া বাতৰি