• Home
  • »
  • News
  • »
  • assam
  • »
  • মজুৰি বিচাৰি প্ৰতিবাদ নহয়, বিনা পাৰিশ্ৰমিকে শ্ৰমদান কৰিলে চাহ বাগিচাৰ এহেজাৰ শ্ৰমিকে

মজুৰি বিচাৰি প্ৰতিবাদ নহয়, বিনা পাৰিশ্ৰমিকে শ্ৰমদান কৰিলে চাহ বাগিচাৰ এহেজাৰ শ্ৰমিকে

বাগিচাখনৰ শ্ৰমিকসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি পেটত ভোক লৈও বাগিচাখনত বিনা পাৰিশ্ৰমিকে শ্ৰমদান কৰি বাগিচাখন পুনৰ্জীৱিত কৰাত অৰিহণা যোগাবলৈ কৰা চেষ্টা প্ৰশংসিত হৈছে।

  • Share this:
লকডাউনৰ ফলত বৃহৎ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে চাহ উদ্যোগ। বহু চাহ বাগিচাই শ্ৰমিকক পৰ্যাপ্ত দৰমহা আৰু ৰেচন যোগান ধৰিবলৈ সক্ষম হোৱা নাই। এনে  অৱস্থাত বহু দৰিদ্ৰ চাহ শ্ৰমিকে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। প্ৰাপ্য মজুৰি বিচাৰি শ্ৰমিকে লকডাউন আমান্য কৰি প্ৰতিবাদ সাব্যস্তও কৰিবলগা হৈছে। কিছুদিন পূৰ্বে পাপ্য মজুৰি প্ৰদানৰ দাবীত মৰিয়নীৰ কাকজান চাহ বাগিচাৰ শ্ৰমিকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্ত লকডাউনৰ বাবে চাহ উদ্যোগে সন্মুখীন হোৱা বিপৰ্যয়ৰ বিষয়ে এতিয়া অনুধাৱন কৰিব পাৰিছে বাগিচা শ্ৰমিকসকলেও।

কাকজান চাহ বাগিচাৰ এহেজাৰ শ্ৰমিকে লকডাউনৰ নীতি–নিয়ম আৰু সামাজিক দূৰত্ব পালন কৰি সোমবাৰে ওলাই আহিল বিনা পাৰিশ্ৰমিকে বাগিচাখনত এদিনৰ বাবে শ্ৰমদান কৰিবলৈ। লকডাউনে বিধস্ত কৰা চাহ উদ্যোগটো জীয়াই ৰাখিবলৈ বাগিচা মালিক পক্ষ আৰু কোম্পানীৰ কাষত ঠিয় দিলে শ্ৰমিকসকল।

উল্লেখ্য যে, লকডাউনৰ ফলত এছিয়াৰ সৰ্ববৃহৎ চাহ ফেক্টৰীৰ অধিকাৰী মৰিয়নীৰ কাকজান চাহ বাগিচাই বৃহৎ লোকচানৰ সন্মুখীন হৈ শ্ৰমিক–কৰ্মচাৰীক দৰমহা দিব নোৱাৰা পৰিস্থিতি উদ্ভৱ হৈছে। তাৰ মাজতো বাগিচাখনৰ শ্ৰমিকসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি পেটত ভোক লৈও বাগিচাখনত বিনা পাৰিশ্ৰমিকে শ্ৰমদান কৰি বাগিচাখন পুনৰ্জীৱিত কৰাত অৰিহণা যোগাবলৈ কৰা চেষ্টা প্ৰশংসিত হৈছে।

শ্ৰমদানত অংশ গ্ৰহণ কৰা এজন শ্ৰমিকে সাংবাদিকৰ আগত কয়, "বাগিচাখন বহুতে মালিক বা কোম্পানীৰ বুলি ভাবে কিন্ত বাগিচাৰ প্ৰকৃত মালিক শ্ৰমিকসকলহে। বাগিচা মৰিলে শ্ৰমিকসকলো মৰিব। সেয়ে আমি বাগিচাখন শ্ৰমিকসকলেই জীয়াই ৰাখিব লাগিব"। শ্ৰমদান কাৰ্যসূচীত চাহ মজদুৰ সংঘৰ কাকজান চাহ বাগিচা গোটে সহযোগিতা আগবঢ়ায়।
First published: