
আজি পুৱা উক্ত তিনিওখন বাগিচাৰ শ্ৰমিকসকলেও নিজৰ প্রাপ্যৰ দাবীত নিজ নিজ বাগিচাৰ কাৰ্যালয়ত এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে।
আজি পুৱা উক্ত তিনিওখন বাগিচাৰ শ্ৰমিকসকলেও নিজৰ প্রাপ্যৰ দাবীত নিজ নিজ বাগিচাৰ কাৰ্যালয়ত এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে।
চৰাইদেউ জিলাৰ সোণাৰিৰ এপিজে টি কোম্পানীৰ তিনিখন বাগিচা ক্ৰমে নাফুক, জৱকা আৰু মথুৰাপুৰ বাগিচাৰ চাহ কৰ্মচাৰী সংঘৰ উদ্যোগত আজি ৯ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বাগিচাকেইখনৰ কৰ্মচাৰীসকলৰ পাৰিতোষিক অনাদায়ৰ বিৰুদ্ধে এই অনশন ধৰ্মঘট আজি পুৱা সাত বজাৰ পৰা তিনিওখন বাগিচাৰ কাৰ্যালয়ৰ প্ৰাংগণত নিজ নিজ বাগিচাৰ কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰি এই কাৰ্যসূচী ৰূপায়ণ কৰে।
এপিজে টি কোম্পানীয়ে বিগত দুটা মাহৰ পাৰিতোষিকৰ লগতে ভ্ৰমণ বনাচৰ পৰা বঞ্চিত কৰি ৰখা চাহ বাগিচাৰ কৰ্মচাৰীসকলৰ এই প্ৰতিবাদী কাৰ্যসূচী বিয়লি চাৰি বজাত সমাপ্তি ঘটিব। ইপিনে আজি পুৱা উক্ত তিনিওখন বাগিচাৰ শ্ৰমিকসকলেও নিজৰ প্রাপ্যৰ দাবীত নিজ নিজ বাগিচাৰ কাৰ্যালয়ত এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|