মুখ্যপৃষ্ঠা »খবৰ »অসম »২ বজাৰ পিছত চাহ বাগিছাৰ কাম বন্ধ নহ'লে প্ৰতিবাদৰ হুংকাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

২ বজাৰ পিছত চাহ বাগিছাৰ কাম বন্ধ নহ'লে প্ৰতিবাদৰ হুংকাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

অসম চৰকাৰে জাৰি কৰা ক'ভিড নীতি-নিৰ্দেশনাসমুহ চাহ বাগিছাত কাৰ্যকৰী নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে মৰিয়নিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

  • Share this:
অসম চৰকাৰে জাৰি কৰা ক'ভিড নীতি-নিৰ্দেশনাসমুহ চাহ বাগিছাত কাৰ্যকৰী নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে মৰিয়নিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।বিধায়ক গৰাকীয়ে চাহ বাগিছা অঞ্চলৰ বহু শ্ৰমিকৰ দেহত ক'ভিড সংক্ৰমণ হোৱা পাছতো নগৰ আৰু গ্ৰামাঞ্চলৰ দৰে ২ বজাৰ পাছত বাগিছাৰ শ্ৰমিকসকলক ছুটী নিদিয়া কাৰ্যক তীব্ৰ সমালোচনা কৰে।

বিধায়ক গৰাকীয়ে প্ৰশ্ন কৰে "চাহ  বাগিছাৰ লোকসকল মানুহ নহয় নেকি? ২ বজাৰ পিছত কিয় শ্ৰমিকসকলক ছুটী দিয়া নাই?ৰ'দে বৰষুণে কাম কৰি দুৰ্বল হৈ থকা শ্ৰমিক সকল কভিড আক্ৰান্ত হৈ বাগিছাত গণ সংক্ৰমণ হৈ যদি বহুত মানুহ মৰে তেতিয়া কি হ'ব? এনে পৰিৱেশ হোৱা আগতে চৰকাৰে বিহীত ব্যৱস্থা লওক" বুলি বিধায়ক গৰাকীয়ে দাবী উত্থাপন কৰে। আনহাতে চৰকাৰক ২৪ ঘন্টাৰ সময় বান্ধি দি ২ বজাত চাহ বাগিছাৰ কাম কাজ বন্ধ নকৰিলে ক'ভিড আতংকৰ মাজতো প্ৰতিবাদী কাৰ্যসূচী লবলৈ বাধ্য হ'ম বুলি হুংকাৰ দিয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

শেহতীয়া বাতৰি