
চাহ শ্ৰমিকৰ ভৱিষ্য নিধিৰ ধণ আত্মসাৎ কৰাৰ অভিযোগত সোণাৰিৰ দুখনকৈ চাহবাগিছাৰ পৰিচালকক আৰক্ষীৰ জেৰা ৷
চাহ শ্ৰমিকৰ ভৱিষ্য নিধিৰ ধণ আত্মসাৎ কৰাৰ অভিযোগত সোণাৰিৰ দুখনকৈ চাহবাগিছাৰ পৰিচালকক আৰক্ষীৰ জেৰা ৷
চৰাইদেউ জিলাৰ সোণাৰিৰ দুখনকৈ চাহ বাগিচাৰ দুই পৰিচালকক আজি আটক কৰা ঘটনাই জনসাধাৰণৰ মাজত কৌতূহলৰ সৃষ্টি কৰিছে। চৰাইদেউ জিলাৰ নাফুক চাহ বাগিছাৰ পৰিচালক দেৱাশীষ বৰুৱা আৰু জবকা চাহ বাগিচাৰ পৰিচালক অনুপ কুমাৰ শৰ্মাক সোণাৰি আৰক্ষীয়ে আটক কৰি সোধাপোচা অব্যাহত ৰাখিছে৷
জানিব পৰা মতে চাহ শ্ৰমিকৰ ভৱিষ্য নিধি আঁচনিৰ ধন আত্মসাৎ কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছত আজি সোণাৰি আৰক্ষীয়ে আটক কৰে বাগিচা দুখনৰ পৰিচালকদ্বয়ক।প্ৰায় ৯ কোটি টকা বিত্তীয় খেলিমেলিৰ অভিযোগ আছিল যাৰ বাবে দুয়োজন পৰিচালকক আটক কৰি মাৰাথান জেৰা চলাই সোণাৰি আৰক্ষীয়ে।মন কৰিবলগীয়া যে, ব্যৱসায়িক লোকচানৰ অজুহাতত এপিজে টি কোম্পানীৰ অধীনস্থ বাগিচা দুখন মালিক পক্ষই বিক্ৰীৰ যো-জা কৰাৰ খবৰ পোহৰলৈ আহিছিল কিছুদিন পূৰ্বে।ইয়াৰ পিছতে চাহ বাগিচা দুখনৰ পৰিচালক দুজনক আটক কৰি আৰক্ষীয়ে সোধাপোছা কৰা কাৰ্যই সম্প্ৰতি ৰহস্যৰ সৃষ্টি কৰিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|