• Home
  • »
  • News
  • »
  • assam
  • »
  • গৰ্গ চেতাৰ্জীৰ বিৰুদ্ধে গৰজি উঠিল টাই আহোম যুৱ পৰিষদ, চ্যুকাফাৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিবাদ

গৰ্গ চেতাৰ্জীৰ বিৰুদ্ধে গৰজি উঠিল টাই আহোম যুৱ পৰিষদ, চ্যুকাফাৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিবাদ

গৰ্গ চেতাৰ্জীৰ উদ্ভত মন্তব্যৰ লগতে অসমৰ মুখ্যমন্ত্ৰীক পশ্চিম বংগৰ বাঙালী সমাজে কৰা অপমানক লৈ সৰৱ হৈ পৰে টাইপা।

  • Share this:
বাঙালী বুদ্ধিজীৱী গৰ্গ চেতাৰ্জীয়ে অসমীয়া জাতিৰ স্বাভিমান, জাতিৰ পিতৃপুৰুষ চাওল্যুং চুকাফাক চীনা আক্ৰমণকাৰী বুলি আখ্যা দিয়াৰ সমান্তৰালকৈ অসমত চীনা আক্ৰমণকাৰী চাওল্যুং চুকাফাৰ নামত অসম দিৱস আয়োজন কৰাটো অপ্ৰয়োজনীয় বুলি মন্তব্য কৰি বিতৰ্কত সাঙোৰ খাই পৰিছিল।

অসমীয়াৰ স্বাভিমানক আঘাত কৰাক লৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত অসম আৰক্ষীৰ এটি সজাতী দল গৰ্গ চেতাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ পশ্চিমবংগত উপস্থিত হোৱাত পশ্চিম বংগৰ বঙালী সমাজে বিৰূপ মন্তব্য প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰি অপমান কৰাক লৈ জাঙুৰ খাই উঠিছে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপা।

টাইপাৰ চৰাইদেউ জিলাৰ সোণাৰিস্থিত চ্যুকাফাৰ প্ৰতিমূৰ্তিৰ সন্মুখত অৱস্থান কৰি গৰ্গ চেতাৰ্জীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে টাইপাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি লোহিত গগৈ। গৰ্গ চেতাৰ্জীৰ উদ্ভত মন্তব্যৰ লগতে অসমৰ মুখ্যমন্ত্ৰীক পশ্চিম বংগৰ বাঙালী সমাজে কৰা অপমানক লৈ সৰৱ হৈ পৰে টাইপা।
First published: