• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমত হ্ৰাস পাব পেট্ৰ’ল–ডিজেলৰ মূল্য, ৫০ পইচা কৰ হ্ৰাস কৰাৰ ঘোষণা বাজেটত

অসমত হ্ৰাস পাব পেট্ৰ’ল–ডিজেলৰ মূল্য, ৫০ পইচা কৰ হ্ৰাস কৰাৰ ঘোষণা বাজেটত

মহিলাৰ নামত পঞ্জীয়ন হোৱা ইলেকট্ৰিকেল বাহনৰ পঞ্জীয়ন মাচুল দিব নালাগে।

মহিলাৰ নামত পঞ্জীয়ন হোৱা ইলেকট্ৰিকেল বাহনৰ পঞ্জীয়ন মাচুল দিব নালাগে।

মহিলাৰ নামত পঞ্জীয়ন হোৱা ইলেকট্ৰিকেল বাহনৰ পঞ্জীয়ন মাচুল দিব নালাগে।

  • Share this:
গুৱাহাটীঃ বাজেটত বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পেট্ৰ’ল–ডিজেলৰ ওপৰত থকা কৰ ৫০ পইচা হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। এই কৰ্তন আজিৰে পৰাই কাৰ্যকৰী হ’ব।

ইয়াৰ লগতে মহিলাৰ নামত পঞ্জীয়ন হোৱা সকলো ইলেকট্ৰিক বাহনৰ পঞ্জীয়ন মাচুল ৰেহাই দিয়াৰ কথা বাজেটত ঘোষণা কৰা হয়।

উল্লেখ্য যে, আজি ভাৰতীয় তেল নিগমে পেট্ৰ’ল–ডিজেলৰ মূল্য ক্ৰমে ১৫পইচা আৰু ১৪ পইচা প্ৰতি লিটাৰত হ্ৰাস কৰিছিল।

বৰ্তমান গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৭৩.২২ টকা আৰু ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৬.৬৬টকা।
Published by:Tulika Devi
First published: