ধৰা পৰিল বিদ্যুৎ চুৰিৰে ৰাজহ ফাঁকি দিয়া মহানগৰীৰ দুই বৃহৎ কাৰখানাঃ খবৰ পায়েই উপস্থিত শক্তিমন্ত্ৰী

News18 Assam | News18-Assam
Updated:June 9, 2021, 8:37 PM IST
ধৰা পৰিল বিদ্যুৎ চুৰিৰে ৰাজহ ফাঁকি দিয়া মহানগৰীৰ দুই বৃহৎ কাৰখানাঃ খবৰ পায়েই উপস্থিত শক্তিমন্ত্ৰী
কাৰখানা দুটাই বিগত বহু দিন ধৰি কৰি আহিছিল এই দুষ্কাৰ্য, গোচৰ ৰুজু কৰাৰ কথা প্ৰকাশ শক্তিমন্ত্ৰী বিমল বৰাৰ।

কাৰখানা দুটাই বিগত বহু দিন ধৰি কৰি আহিছিল এই দুষ্কাৰ্য, গোচৰ ৰুজু কৰাৰ কথা প্ৰকাশ শক্তিমন্ত্ৰী বিমল বৰাৰ।

  • Share this:

ৰাজ্যৰ শক্তি বিভাগে সঘনাই সন্মুখীন হ'বলগীয়া হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাটো হৈছে একাংশ লোকে বিদ্যুৎ চুৰিৰে ৰাজহ ফাঁকি দিয়া কাৰ্য। বিদ্যুৎ চুৰি কাৰ্যৰ বাবে বিগত সময়ছোৱাত চৰকাৰে বহু পৰিমাণৰ ৰাজহৰ পৰা বঞ্চিত হৈ আহিছিল। মাত্ৰ এমাহ পূৰ্বে গঠন হোৱা ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ শক্তি বিভাগৰ দায়িত্ব লাভ কৰা বিমল বৰাই বিদ্যুৎ চুৰি কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকলোকে আহ্বান জনাইছিল।


কিন্তু এই আহ্বানলৈ ভ্ৰুক্ষেপ নকৰি বিদ্যুৎ চুৰিৰে বিভিন্ন কল-কাৰখানা চলি আছিল। তাৰেই এক প্ৰতিফলন ঘটিল গুৱাহাটী মহানগৰীৰ পশ্চিম বৰাগাঁৱত। জানিব পৰা মতে, পশ্চিম বৰাগাঁৱৰ দুটাকৈ বৃহৎ কাৰখানাই বিদ্যুৎ চুৰিৰে চৰকাৰক ৰাজহ ফাঁকি দিয়াৰ ঘটনা বুধবাৰে পোহৰলৈ আহে। অঞ্চলটোত থকা হনুমান ষ্টীল আৰু জয়ছোৱাল ষ্টীল নামৰ কাৰখানা দুটাত ৰাজ্যিক বিদ্যুৎ বিভাগে ধৰা পেলাইছে এই ঘটনা। মহানগৰীৰ মাজমজিয়াত অৱস্থিত এই বৃহৎ কাৰখানা দুটাত বিদ্যুৎ চুৰিৰ খবৰ পোৱাৰ মাত্ৰকে ততাতৈয়াকৈ উক্ত স্থানত উপস্থিত হয় শক্তিমন্ত্ৰী বিমল বৰা।


কাৰখানা দুটাই বিগত বহু দিন ধৰি কৰি অহা এই দুষ্কাৰ্য মন্ত্ৰীগৰাকীয়ে স্বচক্ষে পৰিদৰ্শন কৰে। এইখিনিতে উল্লেখনীয় বিষয় যে মাত্ৰ এটা দিন পূৰ্বে বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক লগত লৈ মন্ত্ৰী বৰাই নিজেই হনুমান ষ্টীল নামৰ কাৰখানাটো পৰিদৰ্শন কৰিছিল। মূলতঃ বিদ্যুৎ চুৰি হ্ৰাস কৰা তথা ট্ৰেন্সমিচন হেৰুওৱা সংক্ৰান্তীয় সমস্যাসমূহৰ বুজ ল'বলৈ মন্ত্ৰীগৰাকীয়ে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল। এই পৰিদৰ্শনকালত মন্ত্ৰী বৰাই কাৰখানাটোৰ বিদ্যুৎ সংযোগ তথা পৰিবহণৰ ঠাইসমূহত নজৰ দিছিল আৰু বিদ্যুৎ চুৰিজাতীয় কামৰ পৰা বিৰত থাকিবলৈ কাৰখানাৰ স্বত্বাধিকাৰী তথা কৰ্মচাৰীসকলক বাৰে বাৰে সকীয়নিও প্ৰদান কৰিছিল।



কিন্তু মন্ত্ৰীগৰাকীৰ পৰিদৰ্শনৰ সময়ছোৱাত কাৰখানাটোৱে বিদ্যুৎ চুৰ কৰাৰ  সন্দেহ হোৱাত  আজি পুনৰ বিভাগীয় কৰ্তৃপক্ষই কাৰখানাটো পৰিদৰ্শন কৰি উৰহীৰ ওৰ উলিয়ায়। আজিৰ এই পৰিদৰ্শনৰ সময়ছোৱাত মন্ত্ৰীগৰাকীৰ সৈতে গড়চুক আৰক্ষীৰ এটা বিশেষ দলো উপস্থিত থাকে। মন কৰিবলগীয়া কথা যে বিদ্যুৎ বিভাগৰ তৰফৰ পৰা দুয়োটা কাৰখানাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিদ্যুৎ চুৰিৰ লগত জড়িত কোনো লোককে ৰেহাই দিয়া নহ'ব বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্টৰূপত প্ৰকাশ কৰাৰ লগতে এনে দুষ্কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকলোকে সকীয়নি প্ৰদান কৰে। শক্তিমন্ত্ৰীগৰাকীয়ে এই সকীয়নিক বিদ্যুৎ চুৰি কাৰ্যত জড়িত লোকসকলে কিমান গুৰুত্ব সহকাৰে ল'ব সেয়া সময়েহে ক'ব।

Published by: Gautam Barman
First published: June 9, 2021, 8:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি