অমিত শ্বাহক মুকলি প্ৰত্যাহ্বান জনাই বৰপেটাৰ নিৰ্বাচনী সভাত তৰুণ গগৈৰ ঘোষণা NRCত ১০লাখ বিদেশী ওলালে ৰাজনীতিৰ পৰা সন্যাস ল’ব তেওঁ। মহাৰাষ্ট্ৰৰ এখন জনসভাত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে অসমৰ এনআৰচিত ৪০লাখ বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ প্ৰসংগ উল্লেখ কৰি অমিত শ্বাহক সমালোচনা তৰুণ গগৈৰ। গগৈৰ দাবী ৪০লাখ বাদেই যদি ১০লাখো বিদেশী ওলাই তেওঁ ৰাজনীতিৰ পৰাই সন্নাস ল’ব। আনহাতে যদি সঁচাকৈ NRCত দাবী কৰা ধৰণে ৪০লাখ বিদেশী নোলায় তেনেহ’লে অমিত শ্বাহে সন্যাস লব লাগিব বুলি কটাক্ষ তৰুণ গগৈৰ। বৰপেটাত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই অমিত শ্বাহক এনেদৰে সমালোচনা তৰুণ গগৈৰ। আনহাতে আজমলে ভদ্ৰলোকৰ চুক্তি কংগ্ৰেছে উলংঘা কৰাৰ অভিযোগকো পোনছাটে নাকচ কৰি গগৈৰ ওলোটাই প্ৰশ্ন, 'কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ নিশ্চয়তা আজমলক কোনে দিছিল সেই নাম ৰাজহুৱা কৰক।'
উল্লেখযোগ্য যে অহা ২৩ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব বৰপেটা সংসদীয় সমষ্টিত। সমষ্টিটোত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা সংখ্যালঘু ভোটাৰৰ মাজত বিশেষ নিৰ্বাচনী ইচ্ছ্যু হৈছে ডি–ভোটাৰ বা সন্দেহযুক্ত ভোটাৰৰ সমস্যা। সংখ্যালঘূ ভোটাৰৰ লগতে হিন্দু বাঙালী ভোটাৰসকলেও এইবাৰ নিৰ্বাচনত ৰাজনৈতিক দলসমূহক চৰম সিদ্ধান্ত দেখুৱাই দিব পাৰে।
পৰম্পৰাগতভাৱে কংগ্ৰেছৰ দখলত থকা বৰপেটা সমষ্টিটো মাত্ৰ চিপিআই(এম)ৰ প্ৰাৰ্থী উদ্ধৱ বৰ্মনে ১৯৯১চন আৰু ১৯৯৬চনত দুবাৰ একেৰাহে দখল কৰিছিল। ইয়াৰ বাহিৰে ১৯৫১ চনৰ পৰা ২০০৯চনলৈ কংগ্ৰেছৰ দখলতে আছিল সমষ্টিটো। ২০১৪চনত AIUDFৰ চিৰাজুদ্দিন আজমলৰ হাতলৈ সমষ্টিটো যায়। বৰপেটাত কংগ্ৰেছৰ আব্দুল খালেক, অগপ প্ৰাৰ্থী কুমাৰ দীপক দাস আৰু AIUDFৰ হাফিজ ৰফিকুল ইছলামে প্ৰতিদ্বন্দিতা কৰিছে। ইয়াৰ ভিতৰত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা অগপ নেতা কুমাৰ দীপক দাসে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক কঠোৰ প্ৰত্যাহ্বান জনোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|