তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়া: কাইলৈ দিনটো অৰ্ধছুটী ঘোষণা ৰাজ্য চৰকাৰৰ

News18 Assam | News18-Assam
Updated:November 25, 2020, 8:18 PM IST
তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়া: কাইলৈ দিনটো অৰ্ধছুটী ঘোষণা ৰাজ্য চৰকাৰৰ
কাইলৈ ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

কাইলৈ ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

  • Share this:
কাইলৈ ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ অন্তেষ্ট্ৰিক্ৰিয়া উপলক্ষে কাইলৈৰ দিনটো ৰাজ্য চৰকাৰে অৰ্ধছুটী ঘোষণা কৰিছে। কাইলৈ অৰ্থাত্‍ বৃহস্পতিবাৰে দিনৰ ১ বজাৰ পৰা অৰ্ধছুটী ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

ৰাজ্য চৰকাৰে প্ৰকাশ কৰা জাননীত কোৱা হৈছে যে কাইলৈ দিনৰ ১ বজাৰ পৰা সকলো চৰকাৰী, অৰ্ধ চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, চৰকাৰী বোৰ্ড, নিগম-নিকায়, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আদি বন্ধ থাকিব।

ইফালে কাইলৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সময়ত কেৱল এজেহাৰ মানুহেই নহয়, সকলোৱেই ভাগ ল’ব পাৰিব বুলি মত ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ৰিপুণ বৰাই কোৱা মতে, ১০০০ কেৱল চিটৰ ব্যৱস্থাহে কৰা হৈছে নৱগ্ৰহ শ্মশানত। কিন্তু শ্মশানৰ বাহিৰতো প্ৰজেক্টৰৰ ব্যৱস্থা কৰা হ’ব।

সেইদৰে কাইলৈ পুৱা ৯ বজাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ কলাক্ষেত্ৰৰ পৰা চৰকাৰী বাসভৱনলৈ লৈ যোৱা হ’ব। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক চৰকাৰী বাসভৱনতে পৰম্পৰাগত ৰীতি-নীতিৰে নিয়ম সম্পন্ন কৰা পিছত ৰুক্মিণীগাঁৱৰ চাৰ্চলৈ নিয়া হ’ব। তাৰ পিছত গণেশগুৰি হৈ জু ৰোডৰ নামঘৰলৈ, নামঘৰৰ পৰা আমবাৰীৰ বুঢ়া মছজিদলৈ আৰু তাৰ পিছত শুক্লেশ্বৰ মন্দিৰ  GNB ৰোড হৈ উগ্ৰতৰা মন্দিৰলৈ নিয়া হ’ব। আৰু শেষত লেম্ব ৰোডহৈ নৱগ্ৰহ শ্মশানলৈ নিয়া হ’ব।
Published by: Himangshu Bhuyan
First published: November 25, 2020, 8:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading