কলিয়াবৰত অপ্ৰতিৰোধ্য আছিল তৰুণ গগৈ, প্ৰবল গণসমৰ্থনেৰে ৪বাৰকৈ কলিয়াবৰ দখল কৰিছিল গগৈয়ে

News18 Assam | News18-Assam
Updated:November 23, 2020, 6:51 PM IST
কলিয়াবৰত অপ্ৰতিৰোধ্য আছিল তৰুণ গগৈ, প্ৰবল গণসমৰ্থনেৰে ৪বাৰকৈ কলিয়াবৰ দখল কৰিছিল গগৈয়ে
বিৰোধীক আক্ৰমণ কৰোতেও মুখৰ হাঁহি হেৰাই নোযোৱা তৰুণ গগৈৰ মৃত্যু অসমৰ ৰাজনৈতিক জগতৰ বাবে এক বৃহৎ ক্ষতি।

বিৰোধীক আক্ৰমণ কৰোতেও মুখৰ হাঁহি হেৰাই নোযোৱা তৰুণ গগৈৰ মৃত্যু অসমৰ ৰাজনৈতিক জগতৰ বাবে এক বৃহৎ ক্ষতি।

  • Share this:
১৯৮৫চন। অসম আন্দোলনৰ পটভূমিত সেই সময়ত ৰাজ্যত জন্মলাভ কৰিছিল এটা নতুন জাতীয়তাবাদী দলে। কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত গোলাঘাটত জন্মলাভ কৰা অসম গণ পৰিষদৰ বাবে কলিয়াবৰ লোকসভা সমষ্টি দখল কৰাটো সন্মানৰ বিষয় আছিল। আনহাতে ৮৩ৰ জুইত বিধস্ত হোৱা কংগ্ৰেছৰ নেতাই সেই সময়ত নিৰ্বাচনী প্ৰচাৰ চলাবলৈকো সাহস কৰা নাছিল। কলিয়াবৰত কংগ্ৰেছৰ হৈ কোনে প্ৰতিদ্বন্দ্বিতা কৰিব তাক লৈ সৃষ্টি হৈছিল ব্যাপক জল্পনা-কল্পনাৰ। কোনেও সাহস গোটাব পৰা নাছিল অগপৰ প্ৰাৰ্থীৰ সৈতে কলিয়াবৰত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ। কিন্তু সেই সময়ত আগবাঢ়ি আহিছিল তৰুণ  গগৈ।

দলীয় কৰ্মীৰ পৰা বিচৰা ধৰণে সহযোগিতা লাভ নকৰাকৈ অগপ প্ৰাৰ্থী ভদ্ৰেশ্বৰ তাঁতীক প্ৰবল প্ৰত্যাহ্বান জনাইছিল। সেইবাৰ ভদ্ৰেশ্বৰ তাঁতীৰ হাতত পৰাজয়বৰণ কৰিলেও ১৯৯১ চনত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হয়। পুনৰ ১৯৯৬ চনত অগপ প্ৰাৰ্থী কেশৱ মহন্তৰ হাতত পৰাজিত হয়। কিন্তু ১৯৯৮ আৰু ৯৯ চনত পুনৰ কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হয় তৰুণ গগৈ।

২০০১ চনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত তৰুণ গগৈৰ ভাতৃ দ্বীপ গগৈয়ে তিনিবাৰ আৰু পুত্ৰ গৌৰৱ গগৈয়ে দুবাৰকৈ কলিয়াবৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে। কিন্তু ৰাজনৈতিক পৰ্যবেক্ষকৰ মতে, তৰুণ গগৈয়ে নিজে প্ৰতিদ্বন্দ্বিতা নকৰিলেও তেওঁৰ প্ৰতি থকা প্ৰবল জনসমৰ্থনৰ বাবেই পৰৱৰ্তী সময়ত দ্বীপ গগৈ আৰু গৌৰৱ গগৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছে।

বিৰোধীক আক্ৰমণ কৰোতেও মুখৰ হাঁহি হেৰাই নোযোৱা তৰুণ গগৈৰ মৃত্যু অসমৰ ৰাজনৈতিক জগতৰ বাবে এক বৃহৎ ক্ষতি। কংগ্ৰেছ হাইকমাণ্ডক সাহসেৰে প্ৰত্যুত্তৰ দিয়া তৰুণ গগৈ ৰাষ্ট্ৰীয় ৰাজনীতিতো সদায় চৰ্চিত হৈ থাকিব। কেন্দ্ৰীয় নেতৃত্বৰ পৰা তৃণমূল পৰ্যায়ৰ কৰ্মীলৈকে সু-সম্পৰ্ক ৰখা তৰুণ গগৈ অসমৰ ৰাজনীতিত হৈ ৰ'ব অদ্বিতীয়।
Published by: Sanjay Kumar Das
First published: November 23, 2020, 6:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading