প্ৰাক্তন বিধায়ক জীতেন গগৈৰ তত্বাৱধানত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছিল বোকাখাত
প্ৰাক্তন বিধায়ক জীতেন গগৈৰ তত্বাৱধানত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছিল বোকাখাত
এয়া সন্মান নে অপমান? প্ৰাক্তন বিধায়ক জীতেন গগৈৰ তত্বাৱধানত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছিল বোকাখাত। কিন্তু প্ৰতিমূৰ্তি উন্মোচনৰ পিছতে এতিয়া আৰম্ভ হৈছে বিতৰ্ক। কাৰণ প্ৰায় ১৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটোৰ লগত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মুখ আৰু শাৰীৰিক অৱয়বৰ একেবাৰে মিল নাই।
কিয় পুত্ৰ গৌৰৱ গগৈয়ে উন্মোচন কৰিলে এই ধৰণৰ প্ৰতিমূৰ্তি? প্ৰশ্ন কৰিছে বহুতে।
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ পিছতে তেখেতৰ স্মৃতি চিৰ যোগমীয়া কৰি ৰাখিবলৈ বোকাখাতত এটা প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল সমষ্টিটোৰ প্ৰাক্তন বিধায়ক জীতেন গগৈয়ে। প্ৰায় ১৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰাৰ পিছতে মূৰ্তিটোৰ গুণগত মানকলৈ প্ৰশ্ন কৰিছে বহুতে। বহুতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক বিকৃত ৰূপত উপস্থাপন কৰা হ’ল বুলিও মন্তব্য কৰিছে। ইফালে তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে কিয় এনে মূৰ্তি উন্মোচন কৰিলে বুলিও প্ৰশ্ন কৰা দেখা গৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|