• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰয়াত তৰুণ গগৈৰ সমষ্টি তিতাবৰত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব গৌৰৱ গগৈৰ পত্নী এলিজাবেথ!

প্ৰয়াত তৰুণ গগৈৰ সমষ্টি তিতাবৰত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব গৌৰৱ গগৈৰ পত্নী এলিজাবেথ!

এলিজাবেথক ৰাজ্যৰ ৰাজনীতিলৈ আনিবলৈ বিশেষ পদক্ষেপ লৈছে স্বামী গৌৰৱ গগৈয়ে ৷ তিতাবৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ'ব এইলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই দেওবাৰে সম্পূৰ্ণ কৰ্তৃত্ব দিছিল গগৈ পৰিয়ালক ৷

  • Share this:
তিনিবাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বোৱাৰী এলিজাবেথ কলবাৰ্ণ গগৈ ৷ গগৈৰ সাংসদ পুত্ৰ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ এটি পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ মাতৃ ৷ অমায়িক, ভদ্ৰ আৰু উচ্চ শিক্ষিত এলিজাবেথৰ নাম আজি এই কাৰণেই উল্লেখ কৰিব ওলাইছো যে গৌৰৱ পত্নী এলিজাবেথ আহি আছে ৰাজনীতি লৈ ৷ অসমৰ ৰাজনীতিত নতুন মুখ হ'ব এলিজাবেথ ৷

এই সন্দৰ্ভত অৱশ্যে গৌৰৱ গগৈ বা তেওঁৰ পৰিয়ালে এতিয়া লৈ কোনো কথা ৰাজহুৱা কৰা নাই ৷ কিন্তু আমাৰ হাতত পৰা খবৰ মতে আসন্ন বিধান সভাৰ নিৰ্বাচনত  তৰুণ গগৈয়ে চাৰিবাৰকৈ জয়ী হোৱা তিতাবৰ সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থীত্ব দিব সদ্য প্ৰয়াত তৰুণ গগৈৰ বোৱাৰী তথা গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈক ৷ বৃটেইনত জন্ম গ্ৰহণ কৰা এলিজাবেথক ৰাজ্যৰ ৰাজনীতিলৈ আনিবলৈ বিশেষ পদক্ষেপ লৈছে স্বামী গৌৰৱ গগৈয়ে ৷ তিতাবৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ'ব এইলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই দেওবাৰে সম্পূৰ্ণ কৰ্তৃত্ব দিছিল গগৈ পৰিয়ালক ৷

ৰাজনৈতিক পৰ্যবেক্ষক মহলে বিশ্লেষণ কৰা মতে সম্ভৱত গৌৰৱ গগৈক  প্ৰয়োজনত হাইকামাণ্ডে অসমৰ দায়িত্ব দিলে গৌৰৱে তিতাবৰ সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্ব্বিতা কৰিব ৷ যেনেকৈ দীপ গগৈয়ে ২০০১ৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছত দলৰ হাইকামাণ্ডে তৰুণ গগৈক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰাত দীপ গগৈয়ে পদত্যাগ কৰিছিল বিধায়ক পদৰ পৰা আৰু সেই তিতাবৰ সমষ্টিৰ পৰাই উপ নিৰ্বাচনত জয়ী হৈ আহিছিল তৰুণ গগৈ ৷

সেই একেই থিয়ৰি লৈ গৌৰৱ গগৈয়ে আগন্তুক দিনত আগবাঢ়িব বুলি আশা কৰা হৈছে ৷ অৱশ্যে গগৈ পৰিয়ালে এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিবলৈ কিছু দিনৰ প্ৰয়োজন হ'ব ৷
First published: