গগৈৰ ৰাজনৈতিক জীৱনৰ উত্থান-পতনৰ সাক্ষী নগাঁও ৰাজীৱ ভৱন, এসময়ত নগাঁও ৰাজীৱ ভৱনৰ পৰাই কংগ্ৰেছক শক্তিশালী কৰিছিল গগৈয়ে?

একাধিকবাৰ কলিয়াবৰৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা তৰুণ গগৈয়ে সৰ্বদা কংগ্ৰেছৰ তৃণমূল কৰ্মীৰ পৰা জিলা পৰ্যায়ৰ নেতৃত্বৰ সৈতে গঢ়ি তুলিছিল মধুৰ সম্পৰ্ক।
একাধিকবাৰ কলিয়াবৰৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা তৰুণ গগৈয়ে সৰ্বদা কংগ্ৰেছৰ তৃণমূল কৰ্মীৰ পৰা জিলা পৰ্যায়ৰ নেতৃত্বৰ সৈতে গঢ়ি তুলিছিল মধুৰ সম্পৰ্ক।
- News18 Assam
- Last Updated: November 24, 2020, 5:58 PM IST
একাধিকবাৰ কলিয়াবৰৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা তৰুণ গগৈয়ে সৰ্বদা কংগ্ৰেছৰ তৃণমূল কৰ্মীৰ পৰা জিলা পৰ্যায়ৰ নেতৃত্বৰ সৈতে গঢ়ি তুলিছিল মধুৰ সম্পৰ্ক। ২০০১ চনত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ আগলৈকে কলিয়াবৰৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰা তৰুণ গগৈৰ বিৰুদ্ধে কাহানিও দলৰ মজিয়াত কোনোধৰণৰ লবীকেন্দ্ৰিক ৰাজনীতিৰ সৃষ্টি হোৱা নাছিল।
বৰ্তমান নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰা তপন শৰ্মাই আজি News18 অসমক জনোৱা অনুসৰি, তেওঁ অসম আন্দোলনৰ পৰৱৰ্তী পৰ্যায় আৰু আলফাৰ কংগ্ৰেছবিৰোধী স্থিতিৰ সময়ত দলীয় কৰ্মীক কৰ্মত নিয়োজিত হ'বলৈ সাহস যোগাইছিল।