‘কামেৰে নহয়, মোদী বন্দনাৰে মুখ্যমন্ত্ৰী হ’ব বিচাৰিছে হিমন্ত বিশ্বই’

এন আৰ চিৰ নামত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু বাদেই, সত্ৰাধিকাৰৰ পৰিয়ালকো জাননী দিয়া হৈছে৷ প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিবলৈ প্ৰতীক হাজেলাই ক’ত সাহস পালে? প্ৰয়োজন হ’লে হাজেলাৰ ওপৰত গোচৰ দিম : তৰুণ গগৈ

news18assam
Updated:May 14, 2019, 2:50 PM IST
‘কামেৰে নহয়, মোদী বন্দনাৰে মুখ্যমন্ত্ৰী হ’ব বিচাৰিছে হিমন্ত বিশ্বই’
এন আৰ চিৰ নামত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু বাদেই, সত্ৰাধিকাৰৰ পৰিয়ালকো জাননী দিয়া হৈছে৷ প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিবলৈ প্ৰতীক হাজেলাই ক’ত সাহস পালে? প্ৰয়োজন হ’লে হাজেলাৰ ওপৰত গোচৰ দিম : তৰুণ গগৈ
news18assam
Updated: May 14, 2019, 2:50 PM IST
হিমন্ত বিশ্ব শৰ্মাই কামৰ দ্বাৰা নহয়, মোদী বন্দনাৰে মুখ্যমন্ত্ৰী হ’ব বিচাৰিছে। গুৱাহাটীত এক সংবাদমেলত এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। সংবাদমেলত গগৈয়ে কয় – কলকাতাত হিমন্ত বিশ্বই কি কৰিছে? টকা বিলোৱাৰ বাদে আন কি কৰিছে হিমন্ত বিশ্বই?

বিজেপি চৰকাৰক সমালোচনা কৰি তৰুণ গগৈয়ে কয় – ‘দুটাকৈ কাগজৰ কল মাৰি পেলালে, চৰকাৰখনে মৌন হৈ চাই আছে৷ জাতি–মাটি–ভেটিৰ কথা কয়, কিন্তু কাগজ কল দুটা বচাব নোৱাৰিলে।’

ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে শোচনীয় ৰাস্তাত নামি বিষয়াক মাতি আনে৷ ৰাস্তা মেৰামতি কৰিবলৈ সময়, কঠোৰ নিৰ্দেশ দিয়ে৷ তাৰ পিছতো ৰাস্তা মেৰামতি নহয়৷ বিভাগসমূহৰ কাম–কাজক লৈ মুখ্যমন্ত্ৰী নিজেই সন্তুষ্ট নহয়৷ মুখ্যমন্ত্ৰীয়েই যদি সন্তুষ্ট নহয়, ৰাইজ কেনেকৈ সন্তুষ্ট হ’ব বুলিও মন্তব্য গগৈৰ।

NRCৰ কথা উল্লেখ কৰি গগৈয়ে কয় – এন আৰ চিৰ নামত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু বাদেই, সত্ৰাধিকাৰৰ পৰিয়ালকো জাননী দিয়া হৈছে৷ যিসকল বিষয়াই সত্ৰাধিকাৰৰ পৰিয়ালক হাৰাশাস্তি কৰিছে সেইসকল বিষয়াক শাস্তি দিয়ক৷ প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিবলৈ প্ৰতীক হাজেলাই ক’ত সাহস পালে? প্ৰয়োজন হ’লে হাজেলাৰ ওপৰত গোচৰ দিয়াৰো হুংকাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি