‘২০১৪ চনটো আছিল মোদীৰ জয়যাত্ৰা কিন্তু ২০১৯ চনটো হ’ব শ্মশানযাত্ৰা’

এই নিৰ্বাচন আমাৰ বাবে ডাঙৰ যুদ্ধ, অগ্নিপৰীক্ষা। আমাৰ এই যুদ্ধ হৈছে অসমীয়াৰ অস্তিত্ব ৰক্ষা যুঁজ – মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

news18assam
Updated:April 20, 2019, 3:19 PM IST
‘২০১৪ চনটো আছিল মোদীৰ জয়যাত্ৰা কিন্তু ২০১৯ চনটো হ’ব শ্মশানযাত্ৰা’
এই নিৰ্বাচন আমাৰ বাবে ডাঙৰ যুদ্ধ, অগ্নিপৰীক্ষা। আমাৰ এই যুদ্ধ হৈছে অসমীয়াৰ অস্তিত্ব ৰক্ষা যুঁজ – মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ
news18assam
Updated: April 20, 2019, 3:19 PM IST
২০১৪ চনটো আছিল মোদীৰ জয়যাত্ৰা কিন্তু ২০১৯ চনটো হ’ব শ্মশানযাত্ৰা। সংবাদমেলত এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। ২০১৪ত মোদীৰ যি জনপ্ৰিয়তা আছিল, ২০১৯ত সেই জনপ্ৰিয়তা নাই। ধনবল প্ৰয়োগ কৰি বিজেপিয়ে সাম্প্ৰদায়িক পৰিৱেশৰ সৃষ্টি কৰাৰো অভিযোগ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।

বিজেপিক সমালোচনা কৰি গগৈয়ে কয় – বৰপেটা, ধুবুৰীলৈ গ’লে পাকিস্তানলৈ যোৱা যেন লাগে বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মা আৰু ৰণজিত দাসে। এই নিৰ্বাচন আমাৰ বাবে ডাঙৰ যুদ্ধ, অগ্নিপৰীক্ষা। আমাৰ এই যুদ্ধ হৈছে অসমীয়াৰ অস্তিত্ব ৰক্ষা যুঁজ।

এফালে বিজেপিয়ে মুছলমানৰ বিৰুদ্ধে কথা কয়, আনফালে মুখ্যমন্ত্ৰীয়ে কয় মুছলমানে বিজেপিক ভোট নিদিলে আল্লাই মাফ নকৰে। এতিয়া মুখ্যমন্ত্ৰীয়ে আল্লাৰ নামত ভোট বিচাৰিছে। বিজেপিয়ে যে ধৰ্মৰ নামত ৰাজনীতি কৰে সেয়া মুখ্যমন্ত্ৰীৰ কথাই প্ৰমাণ কৰে বুলিও কয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। বিজেপিয়ে নিৰ্বাচনী আচৰণবিধি ভংগ কৰাৰো অভিযোগ গগৈৰ। ইয়াৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ কৰাৰো হুংকাৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি