প্ৰধানমন্ত্ৰী মোদী মিছা কথা কোৱা মেচিন : তৰুণ গগৈ

নিৰ্বাচন যিমানেই শেষ হৈ আহিছে, সিমানেই হতাশ হৈছে প্ৰধানমন্ত্ৰী মোদী। আজি এক সংবাদমেলত এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

news18assam
Updated:May 14, 2019, 2:26 PM IST
প্ৰধানমন্ত্ৰী মোদী মিছা কথা কোৱা মেচিন : তৰুণ গগৈ
নিৰ্বাচন যিমানেই শেষ হৈ আহিছে, সিমানেই হতাশ হৈছে প্ৰধানমন্ত্ৰী মোদী। আজি এক সংবাদমেলত এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।
news18assam
Updated: May 14, 2019, 2:26 PM IST
নিৰ্বাচন যিমানেই শেষ হৈ আহিছে, সিমানেই হতাশ হৈছে প্ৰধানমন্ত্ৰী মোদী। আজি এক সংবাদমেলত এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। বালাকোটৰ ছাৰ্জিকেল ষ্ট্ৰাইকক লৈ কোৱা কথায়ো মোদীৰ হতাশাকেই প্ৰতিপণ্ণ কৰিছে বুলিও কয় গগৈয়ে।

মোদীক সমালোচনা কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় – মোদীয়ে পাহৰি গৈছে যে তেওঁ এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী। ৫ বছৰ আগতে দিয়া এটাও আশ্বাস পূৰণ নকৰিলে মোদীয়ে। লোকসভা নিৰ্বাচনত বিজেপিয়ে ক’লাধন ব্যৱহাৰ কৰাৰো অভিযোগ গগৈৰ। প্ৰধানমন্ত্ৰী মোদীক আটাইতকৈ ভ্ৰষ্টাচাৰী আখ্যা গগৈৰ। টকা আৰু ক্ষমতাৰ বলেৰে ভাৰতবৰ্ষত
গণতন্ত্ৰক ধ্বংস কৰা হৈছে বুলিও মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি