হিমন্ত বিশ্বই সন্ত্ৰাসবাদীৰ নামত ধনদাবী কৰিছিল, তেওঁ উগ্ৰপন্থী নহয় কি? : তৰুণ গগৈ

হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি নীলাচল পাহাৰতকৈ ওখ হৈ গৈ আছে। বদৰুদ্দিন আজমলৰ সম্পত্তি পাঁচ বছৰত পাঁচ গুণ বাঢ়িল। ইয়ে প্ৰমাণ কৰে যে বিজেপিৰে আজমলৰ সুসম্পৰ্ক আছে। সংবাদমেলত মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।

news18assam
Updated:April 20, 2019, 3:46 PM IST
হিমন্ত বিশ্বই সন্ত্ৰাসবাদীৰ নামত ধনদাবী কৰিছিল, তেওঁ উগ্ৰপন্থী নহয় কি? : তৰুণ গগৈ
হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি নীলাচল পাহাৰতকৈ ওখ হৈ গৈ আছে। বদৰুদ্দিন আজমলৰ সম্পত্তি পাঁচ বছৰত পাঁচ গুণ বাঢ়িল। ইয়ে প্ৰমাণ কৰে যে বিজেপিৰে আজমলৰ সুসম্পৰ্ক আছে। সংবাদমেলত মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।
news18assam
Updated: April 20, 2019, 3:46 PM IST
হিমন্ত বিশ্বই সন্ত্ৰসবাদীৰ নামত ধনদাবী কৰিছিল, তেওঁ উগ্ৰপন্থী নহয় কি? আজি এক সংবাদমেলত এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। সংবাদমেলত বিজেপিক সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক আখ্যা গগৈৰ। সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাক সম্পত্তিৰ তালিকা দাখিল কৰাৰো দাবী।

হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি নীলাচল পাহাৰতকৈ ওখ হৈ গৈ আছে। বদৰুদ্দিন আজমলৰ সম্পত্তি পাঁচ বছৰত পাঁচ গুণ বাঢ়িল। ইয়ে প্ৰমাণ কৰে যে বিজেপিৰে আজমলৰ সুসম্পৰ্ক আছে। সংবাদমেলত মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।

দেশত মোদীৰ একনায়কত্ববাদ চলিছে বুলিও সংবাদমেলত মন্তব্য তৰুণ গগৈৰ। প্ৰজ্ঞা সাধ্বীক প্ৰাৰ্থিত্ব দি বিজেপিয়ে কি বুজালে বুলিও সংবাদমেলত প্ৰশ্ন কৰে গগৈয়ে। আনহাতে, বিজেপি প্ৰাৰ্থী কুইন ওজাৰ বিৰুদ্ধেও সৰৱ হৈ পৰে তৰুণ গগৈ। কুইন ওজা জিলা পৰিষদ সদস্যৰ বাবেও উপযুক্ত নহয় বুলিও মন্তব্য। ব্যৱসায়ী হিচাপে কুইন ওজা ভাল, কিন্তু আমাক দিল্লীৰ বাবে ব্যৱসায়ী নালাগে। আমাক লাগে গুৱাহাটীৰ কথা ক’ব পৰা মানুহ। কুইনে দিল্লীত গৈ মোদীৰ কথাত উঠা–বহা কৰিব বুলিও কয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি