কোনে কাক মিঠাই দিয়ে সেইবোৰ কথা নে কি? মোদীক তৰুণ গগৈৰ কটাক্ষ

মোদী আকৌ আহিলে পূৰ্ণিমা জোনৰ দৰে অসম জিলিকিব বুলি হিমন্ত কোৱা মন্তব্য সন্দৰ্ভত তৰুণ গগৈৰ প্ৰতিক্ৰিয়া– ‘মানে বিগত ৫বছৰ অমাবস্যা হৈ আছিল নেকি? এতিয়া মোদী আহিলেহে পূৰ্ণিমা হ’ব।’

Dulu Medhi | news18assam
Updated:April 26, 2019, 10:41 AM IST
কোনে কাক মিঠাই দিয়ে সেইবোৰ কথা নে কি? মোদীক তৰুণ গগৈৰ কটাক্ষ
তৰুণ গগৈ
Dulu Medhi | news18assam
Updated: April 26, 2019, 10:41 AM IST
‘সাক্ষাৎকাৰত মিঠাই কোনে দিয়ে সেইবোৰ কথা সুধিছে, সেইটো সোধা কথা নেকি? আমাক কোনোবাই মিঠাই দিয়ে, আমিও কাৰোবাক দিও সেইটো কৈ ফুৰিম নেকি?- অক্ষয় কুমাৰৰ সৈতে নৰেন্দ্ৰ মোদীৰ হোৱা সাক্ষাৎকাৰ সন্দৰ্ভত সংবাদমেলত নৰেন্দ্ৰ মোদীক কটাক্ষ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

মোদীৰ মাকে হেনো ১টকা ২৫পইচা দিয়ে, আজিৰ তাৰিখত ২৫পইচা আছে জানো? ১ টকাৰ কিবা মূল্য আছে জানো, এইবোৰ নাটক নহয় কি হয়?- নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা তৰুণ গগৈৰ।

‘হিমন্ত আৰু সোণোৱালে প্ৰতিযোগিতাত নামি গৈছে কোনে বেছি মোদীক পূজা কৰিব পাৰে। অক্ষয় কুমাৰে মোদীক সাক্ষাৎকাৰ কৰাটোও এখন নাটক।’- তৰুণ গগৈ

মোদী আকৌ আহিলে পূৰ্ণিমা জোনৰ দৰে অসম জিলিকিব বুলি হিমন্ত কোৱা মন্তব্য সন্দৰ্ভত তৰুণ গগৈৰ প্ৰতিক্ৰিয়া– ‘মানে বিগত ৫বছৰ অমাৱস্যা হৈ আছিল নেকি? এতিয়া মোদী আহিলেহে পূৰ্ণিমা হ’ব।’

‘মই স্বীকাৰ কৰিছো যে CABৰ কথা আমি তৃণমূল পৰ্যায়লৈ নিব নোৱাৰিলো, কোনো সংগঠনেই নিব নোৱাৰিলে কাৰণ আমি এটা ইছ্যুতে  লাগি থাকিব নোৱাৰো, বাকীবোৰৰ কথা নাজানো, CABৰ প্ৰভাৱ যিধৰণে হ’ব লাগিছিল তেনেকৈ নহ’ল, গাঁৱত CABৰ প্ৰভাৱ নাই।’–CAB সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ তৰুণ গগৈৰ।

‘উত্তৰ–পূবক গুৰুত্ব নিদিয়ে অমিত শ্বাহে, মানুহৰ আবেগ বুজি নাপায় অমিত শ্বাহে।’– অমিত শ্বাহে CAB আগত আনি NRC পিছত হ’ব বুলি কৰা মন্তব্যত প্ৰতিক্ৰিয়া তৰুণ গগৈৰ।

চাওক এই ভিডিঅ’:

আৰু চাওক পৰৱৰ্তী বাতৰি