অতিকৈ সংকটজনক অৱস্থাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ
অতিকৈ সংকটজনক অৱস্থাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ
গুৰুতৰ ভাবে অসুস্থ হৈ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। শনিবাৰে দুপৰীয়াৰ পৰা অধিক অৱনতি ঘটিছে তৰুণ গগৈৰ স্বাস্থ্য। অহা ৪৮ ঘণ্টা হ’ব তৰুণ গগৈৰ স্বাস্থ্যৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ।বৰ্তমান তৰুণ গগৈৰ কিডনী, হাৰ্ট আদিৰ কাৰ্যক্ষমতা কমি আহিছে।
কিছুসময়ৰ পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা মতে, বৰ্তমান দিল্লী বা ৰাজ্যৰ বাহিৰলৈ নিয়াৰ অৱস্থাতো নাই তৰুণ গগৈ। বৰ্তমান গুৱাহাটী চিকিত্সা মহাবিদ্যালয়তে এটা বিশেষজ্ঞ চিকিত্সকৰ তত্বাৱধানত আছে তৰুণ গগৈৰ স্বাস্থ্য।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা মতে, ‘বৰ্তমান মেচিনৰ সহায়ত তৰুণ গগৈক শ্বাস-প্ৰশ্বাস দিয়া হৈছে। সমান্তৰাল ভাবে তৰুণ গগৈৰ অংগ কাৰ্যক্ষম কৰি তুলিবলৈ চেষ্টা চলাই থকা হৈছে। সামগ্ৰিক ভাবে অহা ৪৮ৰ পৰা ৭২ ঘণ্টা তৰুণ গগৈৰ স্বাস্থ্যৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ৰ চিকিত্সকৰ দলে এতিয়া যোগাযোগ কৰিছে এইমছৰ চিকিত্সকৰ সৈতে। পুত্ৰ গৌৰৱ গগৈ আৰু পৰিয়ালৰ লোকৰ সৈতে সম্পূৰ্ণ আলোচনা কৰি আগবাঢ়িছে গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ৰ চিকিত্সক দল।’
ইফালে তৰুণ গগৈৰ স্বাস্থ্যকলৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ৰ অধীক্ষক ডা০ অভিজিত্ শৰ্মাই। বিকল হোৱা অংগ পুণৰ কাৰ্যক্ষম কৰি তুলিবলৈ চেষ্টা চলাই থকা হৈছে। কথা বতৰাৰ প্ৰতিও সঁহাৰি দিব পৰা নাই গগৈয়ে। অহা ২৪ ঘণ্টা সম্পূ্ৰ্ণ অবজ্যাৰভেশ্যনত থাকিব তৰুণ গগৈৰ স্বাস্থ্য। আৰু তাৰ পিছৰ পৰ্যায়তহে সিদ্ধান্ত লোৱা হ’ব।’
এতিয়া সকলোৱে তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|