• Home
  • »
  • News
  • »
  • assam
  • »
  • উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ নিয়া হ’ব পাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক!

উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ নিয়া হ’ব পাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক!

উন্নত চিকিৎসাৰ বাবে শুকুৰবাৰে এইমছৰ চিকিৎসকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব GMCHৰ চিকিৎসকে৷ এক ভিডিঅ’ কনফাৰেন্সযোগে মিলিত হ’ব চিকিৎসকৰ দলটো৷

  • Share this:
শ্বাস প্ৰশ্বাসজনিত সমস্যাত ভুগিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ৷ বৃহস্পতিবাৰে পুৱা ১০ মান বজাত হঠাৎ গগৈৰ দেহত হ্ৰাস পায় অক্সিজেন৷ অক্সিজেনৰ পৰিমাণ কমি অহাত ICUলৈ স্থানান্তৰ কৰা হয় গগৈক৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ এই কমন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

উন্নত চিকিৎসাৰ বাবে শুকুৰবাৰে এইমছৰ চিকিৎসকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব GMCHৰ চিকিৎসকে৷ এক ভিডিঅ’ কনফাৰেন্সযোগে মিলিত হ’ব চিকিৎসকৰ দলটো৷ গগৈৰ চিকিৎসাৰ বাবে যদি GMCHৰ সুবিধা পৰ্যাপ্ত নহয় তেন্তে দিল্লীলৈ নিয়াৰ ইংগিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ অৱশ্যে এইক্ষেত্ৰত সিদ্ধান্ত ল’ব গগৈৰ পুত্ৰ সাংসদ গৌৰৱ গগৈয়ে৷

পিতৃৰ স্বাস্থ্যৰ বাবে বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় গৌৰৱ গগৈ ৷ শুকুৰবাৰে এইমছৰ চিকিৎসৰ পৰামৰ্শ গ্ৰহণৰ পিছত নিশ্চিত হ’ব উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ নিয়া হব নে নহয়।
Published by:Sanjay Kumar Das
First published: