• Home
  • »
  • News
  • »
  • assam
  • »
  • অন্তিম যাত্ৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, নৱগ্ৰহত আজি সম্পন্ন হ’ব শেষকৃত্য

অন্তিম যাত্ৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, নৱগ্ৰহত আজি সম্পন্ন হ’ব শেষকৃত্য

দিনৰ ১ বজাৰ পৰা অৰ্ধছুটী ঘোষণা ৰাজ্য চৰকাৰৰ

দিনৰ ১ বজাৰ পৰা অৰ্ধছুটী ঘোষণা ৰাজ্য চৰকাৰৰ

দিনৰ ১ বজাৰ পৰা অৰ্ধছুটী ঘোষণা ৰাজ্য চৰকাৰৰ

  • Share this:
আজি দুপৰীয়া ১ বজাত গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সম্পন্ন হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্য। ইতিমধ্যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ কলাক্ষেত্ৰৰ পৰা চৰকাৰী বাসভৱনলৈ লৈ যোৱা হৈছে। গগৈৰ চৰকাৰী বাসভৱনতে মাংগলিক কাম-কাজ সমাপন কৰি ৰুক্মিণীগাঁৱৰ চাৰ্চলৈ নিয়া হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ। তাৰ পিছত গণেশগুৰি হৈ জু ৰোডৰ নামঘৰলৈ, নামঘৰৰ পৰা আমবাৰীৰ বুঢ়া মছজিদলৈ আৰু তাৰ পিছত শুক্লেশ্বৰ মন্দিৰ  GNB ৰোড হৈ উগ্ৰতৰা মন্দিৰলৈ নিয়া হ’ব। আৰু শেষত লেম্ব ৰোডহৈ নৱগ্ৰহ শ্মশানলৈ নিয়া হ’ব। আৰু তাতে সম্পন্ন হ’ব শেষকৃত্য।



প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন কৰা হ’ব। ইতিমধ্যে ৰাজ্য চৰকাৰে সম্পূৰ্ণ কৰি তুলিছে প্ৰস্তুতি। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অন্তিম যাত্ৰা যাতে সুচাৰু ৰূপে হৈ যায়, সেই কথা লক্ষ্য ৰাখি মহানগৰ আৰক্ষীৰ যান-বাহন শাখাই জাৰি কৰিছে নতুন পথ নিৰ্দেশনা।


 বাবে পথ নিৰ্দেশনাঃ












    • GNB Road আৰু নৱগ্ৰহ শ্মশানৰ আশে পাশে কোনোধৰণৰ পাৰ্কিং কৰিব নোৱাৰিব।

    • চানমাৰীৰ পৰা গুৱাহাটী ক্লাৱলৈ সম্পূৰ্ণ পথ No Entry।

    • লতাশিল-চেনিকুঠী বাইলেনত No Entry।

    • নুনমাটিৰ পৰা অহা বাহনসমূহ জুৰোড হৈ যাব পাৰিব।

    • চানমাৰীৰ ফালৰ পৰা আহিবলগীয়া যান-বাহন নিজৰাপাৰাৰ পৰা আগবাঢ়িব নোৱাৰিব।

    • যিসকলে শেষকৃত্যলৈ আহিব, তেওঁলোকে নিজৰ যান-বাহন চানমাৰী অভিযান্তিক খেলপথাৰত পাৰ্ক কৰিব লাগিব।

    • নৱগ্ৰহৰ পৰা বাহন ওলাই অহাৰ সুবিধা থাকিব। টিচি পইণ্টৰ পৰা বি বৰুৱা কলেজৰ দিশে যাব পাৰিব।











Published by:Himangshu Bhuyan
First published: