কোৰোণাৰ মাজতে তৰুণ গগৈৰ মুখত প্ৰিয়ংকা চোপ্ৰাৰ কথা, গগৈয়ে ক’লে – কি দিলে প্ৰিয়ংকাই?

News18 Assam | News18-Assam
Updated:May 26, 2020, 5:18 PM IST
কোৰোণাৰ মাজতে তৰুণ গগৈৰ মুখত প্ৰিয়ংকা চোপ্ৰাৰ কথা, গগৈয়ে ক’লে – কি দিলে প্ৰিয়ংকাই?
“মেৰুদণ্ডহীন সৰ্বানন্দ সোণোৱাল চৰকাৰ৷ জাতি-মাটি-ভেটিৰ কথা কোৱা সোণোৱাল চৰকাৰে জাতি-মাটি-ভেটি ধ্বংস কৰিলে৷ এতিয়া দিহিং পাটকাইক ধ্বংস কৰিব গৈছে,” ক'লে গগৈয়ে৷

“মেৰুদণ্ডহীন সৰ্বানন্দ সোণোৱাল চৰকাৰ৷ জাতি-মাটি-ভেটিৰ কথা কোৱা সোণোৱাল চৰকাৰে জাতি-মাটি-ভেটি ধ্বংস কৰিলে৷ এতিয়া দিহিং পাটকাইক ধ্বংস কৰিব গৈছে,” ক'লে গগৈয়ে৷

  • Share this:
“২৪ মে'ত সৰ্বানন্দ সোণোৱাল চৰকাৰে চাৰি বছৰ সম্পূৰ্ণ কৰিলে৷ আমি কি পালো? প্ৰতাৰণা কৰিলে আমাক৷ প্ৰতিশ্ৰুতি সকলো ধোৱাচাঙত উঠিল৷ দুৰ্নীতিমুক্ত অসমৰ কথা কৈছিল৷ সকলোতে দুৰ্নীতি হৈছে”- এয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ভাষ্য৷ মঙলবাৰে গগৈয়ে এনেদৰেই আক্ৰমণ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰক৷

দিছপুৰৰ চৰকাৰী আৱাসত মঙলবাৰে সাংবাদিকৰে হোৱা এক বাৰ্তালাপত সোণোৱাল চৰকাৰক আক্ৰমণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে ক'লে, “কৃৃষক, ৰোৱনী, দাৱনী, ক্ষুদ্ৰ উদ্যোগ, পশুপালক সকলোৰে অৱস্থা বেয়া হ'ল৷ প্ৰধানমন্ত্ৰীয়ে এক্ট ইষ্ট পলিচীৰ কথা কৈছিল? ক'ত গ'ল এতিয়া সেই পলিচী৷ দুটাকৈ কাগজ কল বন্ধ কৰি দিলে৷”

“মেৰুদণ্ডহীন সৰ্বানন্দ সোণোৱাল চৰকাৰ৷ জাতি-মাটি-ভেটিৰ কথা কোৱা সোণোৱাল চৰকাৰে জাতি-মাটি-ভেটি ধ্বংস কৰিলে৷ এতিয়া দিহিং পাটকাইক ধ্বংস কৰিব গৈছে,” ক'লে গগৈয়ে৷

উদ্যোগ খণ্ডলৈ কংগ্ৰেছৰ দিনত দিয়া অনুদান বৰ্তমানৰ চৰকাৰে বন্ধ কৰি দিয়া বুলি দাবী কৰি গগৈয়ে ক'লে, “আমি যেতিয়া চৰকাৰলৈ আহিছিলো, তেতিয়া ৰাজভঁৰাল খালী আছিল৷ আমি চৰকাৰৰ পৰা যোৱাৰ সময়ত ৰাজভঁৰালত দহ হাজাৰ কোটি টকা ৰাখি থৈ গৈছিলোঁ৷ এতিয়া কিন্তু ৰাজভঁৰাল খালী৷”

“প্ৰিয়ংকা চোপ্ৰাক ব্ৰেণ্ড এম্বেছাদৰ কৰি কি পালে? কোটি কোটি টকা গ'ল? চাৰি বছৰত কি দিলে অসমবাসীক? কোৰোণা প্ৰতিৰোধ কৰিবলৈ লকডাউন দিয়াৰ পৰিকল্পনা আছিল প্ৰধানমন্ত্ৰীৰ অদূৰদৰ্শী সিদ্ধান্ত,” এনেদৰে কয় তৰুণ গগৈয়ে৷

সোণোৱাল চৰকাৰক মুখাপিন্ধা, প্ৰতাৰক আখ্যা দি গগৈয়ে ক'লে, “বিজ্ঞাপনত চলা চৰকাৰ৷ দুখন চাৰ্টাড ফ্লাইট, দুখন হেলিকপ্টাৰ নিগাজিকৈ ৰাখিছে এইখন চৰকাৰে৷ এফালে ৰাজ্যৰ এই অৱস্থা, আনফালে চৰকাৰৰ এই বিলাসবহুল খৰছ৷ ফ্লাইট, হেলিকপ্টাৰ আমিও ব্যৱহাৰ কৰিছিলো, কিন্ত এনেদৰে কৰাৰ প্ৰশ্নই নুঠে৷”
First published: May 26, 2020, 5:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি