‘মোদী থকালৈকেহে এই জোৱাৰ, মোদী গ'লেই সকলো শেষ! সৰ্বানন্দ সোণোৱালৰ দিনত অবাধ দুৰ্নীতি হৈছে!’

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ ভাষাৰে সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

News18-Assam
Updated:September 19, 2019, 4:48 PM IST
‘মোদী থকালৈকেহে এই জোৱাৰ, মোদী গ'লেই সকলো শেষ! সৰ্বানন্দ সোণোৱালৰ দিনত অবাধ দুৰ্নীতি হৈছে!’
বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ ভাষাৰে সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
News18-Assam
Updated: September 19, 2019, 4:48 PM IST
‘আমি দু্ৰ্নীতি শেষ কৰিম বুলি কোৱা নাছিলো! হ্ৰাস কৰিম বুলি হে কৈছিলো। কিন্তু এতিয়া সৰ্বানন্দ সোণোৱালৰ দিনত অবাধ দুৰ্নীতি হৈছে। সকলোতে এতিয়া চলিছে চিণ্ডিকেট। বৰাক ভেলি, তিনিচুকীয়াত চলি আছে চিণ্ডিকেট। গতিকে সকলো উন্নয়নৰ কাম স্থবিৰ হৈছে৷’ এই মন্তব্য ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি তৰুণ গগৈয়ে ক্ষুৰধাৰ সমালোচনা কৰে বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। গগৈয়ে কয় যে, ‘ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে যাওতে ৰাস্তা ভালক কৰিবলৈ দিছিল নিৰ্দেশ, কিন্তু বিষয়াই নামালিলে। আমাৰ দিনত এনেকুৱা হোৱা নাছিল। কিন্তু মানুহে ভোট দিয়ে BJPক৷ ধৰ্মৰ নামত ৰাজনীতি কৰিছে বিজেপিয়ে৷ মোডীৰ হাৱা এয়া৷ মোদী থকালৈ চলিব এই জোৱাৰ ৷ মোদী গ'লেই সকলো শেষ। ৰাকেশ পালক মই নিযুক্তি দিছিলো হয় ৷ ৰাকেশৰ ভায়েকক কিয় নধৰে৷ পলোৱাই কিয় ৰাখিছে ?’

লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হোৱাৰ সন্দৰ্ভতো মন্তব্য কৰে তৰুণ গগৈয়ে। গগৈয়ে উল্লেখ কৰে যে, APCCৰ সভাপতি এতিয়াই সলনি নহয় ৷ মই হম বুলি কোৱা নাই ৷ কিন্ত মই সক্ৰিয় ভূমিকা লম ৷ নিৰ্বাচনত মই সক্ৰিয় ভূমিকা লম।’
আৰু চাওক পৰৱৰ্তী বাতৰি