‘CJI ৰঞ্জন গগৈয়ে ভুল কৰিলে, মোৰ চিঠিৰ নিদিলে উত্তৰ’

News18-Assam
Updated:November 14, 2019, 5:08 PM IST
‘CJI ৰঞ্জন গগৈয়ে ভুল কৰিলে, মোৰ চিঠিৰ নিদিলে উত্তৰ’
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক দায়িত্বৰ পৰা অব্যাহতি দিয়াত ক্ষুব্ধ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক দায়িত্বৰ পৰা অব্যাহতি দিয়াত ক্ষুব্ধ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

  • Share this:
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক পদৰ পৰা প্ৰতীক হাজেলাক আঁতৰ কৰোৱা বিষয়টোত আকৌ এবাৰ মুখ খুলিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে  হাজেলাক মধ্যপ্ৰদেশলৈ বদলি কৰি সহানুভুতি দেখুৱালে বুলি মন্তব্য কৰে তৰুণ গগৈয়ে। গগৈয়ে লগতে NRC খনক বিভিন্ন দিশত সমালোচনা কৰাৰ লগতে নাগৰিক পঞ্জীখন ৰূপয়নত প্ৰতীক হাজেলা চূড়ান্ত ভাবে ব্যৰ্থ হ’ল বুলি মন্তব্য কৰে। তৰুণ গগৈয়ে কয় যে, ‘ NRC ৰূপায়ণত হাজেলা ব্যৰ্থ হ’ল, দেশীক বিদেশী কৰিলে। এতিয়া বাদ পৰা ১৯ লাখৰ ভৱিষ্যত অন্ধকাৰ।CAB আহিলে NRC পেলনীয়া কাগজেই নহয়, কি হ’ব নাজানো।’
তৰুণ গগৈয়ে লগতে কয় যে,  ‘ৰঞ্জন গগৈয়ে RGIৰ ওপৰত গুৰুত্ব দিব লাগিছিল কিন্তু  গুৰুত্ব দিলে প্ৰতীক হাজেলাক। মই ভাবো ৰঞ্জন গগৈয়ে ভুল কৰিলে। কনিষ্ঠ বিষয়াক কিয় বেছি গুৰুত্ব দিলে। হাজেলাক যাব দিব নালাগিছিল। মোৰ চিঠিৰ ওপৰত ৰঞ্জন গগৈয়ে গুৰুত্বই নিদিলে। কিন্তু ভিত্তিবৰ্ষ ১৯৭১ বিষয়ত ৰঞ্জন গগৈৰ সৈতে মই একমত। হাজেলাৰ প্ৰতি সহানুভুতি দেখুৱাই ৰঞ্জন গগৈয়ে তেওঁক যাবলৈ দিলে’। বঁটা পাবলগীয়া কাম কৰা নাই হাজেলাই।’
আৰু চাওক
পৰৱৰ্তী বাতৰি