உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘ৰাজ্য চৰকাৰৰ ৰাজভড়াল উদং, মে'ৰ দৰমহা দিম বুলি কি বুজালে বিত্তমন্ত্ৰী হিমন্তই?’, দিল্লীৰ পৰা উভতাই অনা বিজেপি সাংসদক কিয় কোৱাৰেণ্টাইন কৰা নহ’ল?

    ‘ৰাজ্য চৰকাৰৰ ৰাজভড়াল উদং, মে'ৰ দৰমহা দিম বুলি কি বুজালে বিত্তমন্ত্ৰী হিমন্তই?’, দিল্লীৰ পৰা উভতাই অনা বিজেপি সাংসদক কিয় কোৱাৰেণ্টাইন কৰা নহ’ল?

    আকৌ এবাৰ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে

    আকৌ এবাৰ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে

    আকৌ এবাৰ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে

    • Share this:
    আকৌ এবাৰ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ মে' মাহৰ দৰমহা কৰ্মচাৰীক দিয়া হ'ব বুলি ঘোষণা কৰি বিত্তমন্ত্ৰীয়ে ৰাজভড়াল যে উদং সেই কথাকেই জনালে বুলি দাবী কৰে গগৈয়ে ৷

    বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কৰ্মচাৰীসকলক মে' মাহৰ সম্পূৰ্ণ দৰমহা আদায় দিব বুলি বৃহস্পতিবাৰে টুইটৰে ঘোষণা কৰিছিল ৷ লগতে প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনক ধন্যবাদ জনাইছিল ৷ ইয়াৰ পিছতে শুকুৰবাৰে বিত্তমন্ত্ৰী হিমন্তক উভটি ধৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ গগৈৰ দাবী- বিত্তমন্ত্ৰীৰ এই ঘোষণাই ৰাজ্যৰ ৰাজভড়াল যে উদং তাকেই স্পষ্ট কৰিলে ৷

    গগৈয়ে ক'লে তেওঁ চৰকাৰৰ দিনত ৰাজভড়ালত দহ হাজাৰ কোটি টকা জমা থৈ গৈছিল ৷ এতিয়া সেই ৰাজভড়াল খালী ৷

    ইপিনে দিল্লীৰ পৰা BJPৰ সাংসদসকলক ছাৰ্টাড ফ্লাইটৰে গুৱাহাটীলৈ অনা হ'ল বুলি দাবী কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে সাংসদসকলক কিয় কোৱাৰেণ্টাইন কৰা নহ'ল বুলি প্ৰশ্ন কৰে ৷ গগৈয়ে ক'লে- “দিল্লীৰ পৰা BJPৰ সাংসদসকলক ছাৰ্টাড ফ্লাইটেৰে আনিলে ৷ তেওঁলোকক কিয় কোৱাৰেণ্টাইন কৰা নহ'ল ? কেনেকৈ আহিল, কাৰ খৰচত আহিল? ৰাজহুৱা কৰক তথ্য ৷”

    ইমানতে ক্ষান্ত নাথাকিল গগৈ ৷ এইবাৰ গগৈয়ে প্ৰধানমন্ত্ৰীক সমালোচনা কৰি ক'লে- “প্ৰধানমন্ত্ৰীয়ে শ্ৰমিকৰ কথা নাভাৱে ৷ প্ৰধানমন্ত্ৰী মোদীৰ দিনত এতিয়া বাৰ কোটি মানুহে চাকৰি হেৰুৱালে ৷”

    “যোৱা কালি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিলে যে, বহিঃ ৰাজ্যত বন্দী হৈ থকা শ্ৰমিকসকলক নিজ নিজ ৰাজ্যলৈ উভটাই নিব লাগিব ৷ এইক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহে নিজে টকা খৰচ কৰিব লাগিব ৷ প্ৰধানমন্ত্ৰীয়ে এই বিষয়ত গুৰুত্ব দিয়া নাছিল ৷ চকু মুদি আছিল ৷ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ আগতেই শ্ৰমিকসকলক নিজ নিজ ৰাজ্যলৈ উভটাই পঠিওৱাৰ ব্যৱস্থা কৰিব লাগিছিল ৷ মোদী চৰকাৰে শ্ৰমিকৰ কথা নাভাৱে ৷ আমি শ্ৰমিকসকলক ছমাহৰ বাবে মাহে ৭,৫০০ টকাকৈ নিবলৈ আমি দাবী জনাইছিলো ৷ লগতে প্ৰথম কিস্তি হিচাপে দহ হাজাৰ টকা আদায় দিবলৈ দাবী জনাইছিলো ৷ কৃষক, শ্ৰমিক, দুখীয়া পৰিয়ালক চৰকাৰে সাহায্য দিয়ক ৷ অসম চৰকাৰে এইক্ষেত্ৰত উদ্যোগ লওক”- এনেদৰে ক'লে গগৈয়ে ৷
    First published: