ভুৱনেশ্বৰ কলিতাক লাডাখৰ ‘Lieutenant Governor’ হোৱাৰ সপোন দেখুৱাইছে বিজেপিয়েঃতৰুণ গগৈ

News18-Assam
Updated:August 6, 2019, 5:24 PM IST
ভুৱনেশ্বৰ কলিতাক লাডাখৰ ‘Lieutenant Governor’ হোৱাৰ সপোন দেখুৱাইছে বিজেপিয়েঃতৰুণ গগৈ
Source-Google

ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ পিছত জ্যেষ্ঠ কংগ্ৰেছ নেতা ভুৱনেশ্বৰ কলিতাই বিজেপিত যোগদান কৰিব বুলি এতিয়া সৰ্বত্ৰ চৰ্চা চলিছে।

  • Share this:
সোমবাৰে ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ভুৱনেশ্বৰ কলিতাই। কলিতাই ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ পিছত জ্যেষ্ঠ কংগ্ৰেছ নেতা ভুৱনেশ্বৰ কলিতাই বিজেপিত যোগদান কৰিব বুলি এতিয়া সৰ্বত্ৰ চৰ্চা চলিছে। ৰাজ্যসভাত কংগ্ৰেছে ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিলৰ সিদ্ধান্তক বিৰোধিতা কৰি ভুৱনেশ্বৰ কলিতাই ৰাজ্যসভাৰ সদস্য পদ ত্যাগ কৰা বুলি উল্লেখ কৰাৰ পিছতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কলিতাক চৰম সুবিধাবাদী আখ্যা দিয়ে। কিন্তু যদি ভুৱনেশ্বৰ কলিতা বিজেপিলৈ নগৈ কংগ্ৰেছত থাকে তেন্তে তেওঁক ৰাজহুৱাকৈ ক্ষমা খুজিব বুলি উল্লেখ কৰে তৰুণ গগৈয়ে।

তৰুণ গগৈয়ে কয় যে, ৰাজ্যসভা সাংসদৰ পৰা ভুৱনেশ্বৰ কলিতা পদত্যাগ কৰাৰ আঁৰত আছে বিশেষ ৰহস্য। ক্ষমতাৰ বাবেই কংগ্ৰেছৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক ত্যাগ কৰিব ভুৱনেশ্বৰ কলিতাই! গগৈৰ মতে ভুৱনেশ্বৰ কলিতাক বিজেপিয়ে ‘ললীপপ’  দিছে সেয়েহে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজন বিজেপিলৈ যোৱাটো খাটাং!  বিজেপিয়ে কলিতাক লাডাক ৰ Lieutenant Governor দিয়াৰ সপোন দেখুৱাইছে বুলিও অভিযোগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। যদি কলিতা বিজেপিলৈ নগৈ কংগ্ৰেছত থাকে তেনেহলে গগৈয়ে কলিতাক মাফ খুজিব বুলিও স্পষ্ট কৰি দিয়ে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি