உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • তৰুণ গগৈৰ কাষলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰি গুৱাহাটীলৈ ৰাওনা

    তৰুণ গগৈৰ কাষলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰি গুৱাহাটীলৈ ৰাওনা

    চিকিত্‍সালয়ৰ বিচনাত এতিয়া ভূপেন হাজৰিকা, বৰগীত শুনি আছে তৰুণ গগৈয়ে

    চিকিত্‍সালয়ৰ বিচনাত এতিয়া ভূপেন হাজৰিকা, বৰগীত শুনি আছে তৰুণ গগৈয়ে

    চিকিত্‍সালয়ৰ বিচনাত এতিয়া ভূপেন হাজৰিকা, বৰগীত শুনি আছে তৰুণ গগৈয়ে

    • Share this:
    ‘মই আজি মুখ্যমন্ত্ৰী হিচাপে নহয়, তেখেতৰ পুত্ৰ হিচাপে খবৰ ল’বলৈ আহিছো।’- কিছুদিন পূৰ্বে গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় হাস্পতালত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল’বলৈ আহি এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আৰু এতিয়া চিকিত্‍সালয়ৰ বিচনাত জীৱন মৃত্যুৰে যুঁজিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

    প্ৰাক্তন মুখ্যমন্ত্ৰী জনৰ স্বাস্থ্যৰ শেহতীয়া অৱস্থাৰ বিষয়ে জানিব পাৰি বৰ্তমান ডিব্ৰুড়ত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰিছে। সেইদৰে অতি সোনকালে ডিব্ৰুগড়ৰ পৰা বিশেষ বিমানেৰে গুৱাহাটী ৰাওনা হ’ব মুখ্যমন্ত্ৰীগৰাকী।

    ইফালে চিকিত্‍সালয়ৰ বিচনাত এতিয়া ভূপেন হাজৰিকা, বৰগীত শুনি আছে তৰুণ গগৈয়ে। শুনোৱা হৈছে  ৰাজীৱ গান্ধী, ইন্ধিৰা গান্ধীৰ পূৰ্ৱৰ ভাষণ। এই কথা জানইছে গৌৰৱ গগৈয়ে।
    Published by:Himangshu Bhuyan
    First published: