নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ’ব তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়া

News18 Assam | News18-Assam
Updated:November 24, 2020, 8:11 PM IST
নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ’ব তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়া
নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ’ব তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়া

নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ’ব তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়া

  • Share this:
নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়া। চৰকাৰে সোণাপুৰ অথবা আমিনগাঁৱৰ কথা কৈছিল যদিও প্ৰদেশ কংগ্ৰেছে মহানগৰীৰ ভিতৰতে হোৱাটো বিচাৰিছিল। সেয়েহে নৱগ্ৰহত হ’ব শেষকৃত্য। চৰকাৰক অৱগত কৰাৰ কথা জনালে এপিচিচিৰ সভাপতি ৰিপুণ বৰাই। চিতাভস্ম প্ৰতিখন জিলাৰ কংগ্ৰেছ ব্লকলৈ পঠিওৱা হ’ব।

আজি বিয়লি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ নিয়া হৈছে তৰুণ গগৈৰ নশ্বৰ দেহ। তাতেই ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ২৬ নৱেম্বৰলৈ নশ্বৰ দেহ ৰখা হ’ব। সাধাৰণ লোকেও তৰুণ গগৈৰ নশ্বৰ দেহত জনাব পাৰিব শেষ শ্ৰদ্ধা। আজি জিএমচিএইচৰ পৰা নশ্বৰ দেহ অনাৰ পিছত গগৈৰ চৰকাৰী আৱাস, জনতা ভৱন, ৰাজীৱ ভৱনলৈ নিয়া হয়। তাৰ পিছত নশ্বৰ দেহ অনা হয় কলাক্ষেত্ৰলৈ।
Published by: Sanjay Kumar Das
First published: November 24, 2020, 8:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading