প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শেষকৃত্য ক’ত সম্পন্ন হ’ব? বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত নৱগ্ৰহ শ্মশানেই ঠিক কৰা হ’ল। কিন্তু পৰিয়ালৰ লগতে কংগ্ৰেছ দলে বিচাৰিছিল গুৱাহাটীৰ মাজমজিয়াত এডোখৰ মাটি। কিন্তু চৰকাৰে গুৱাহাটীৰ মাজমজিয়াত মাটি প্ৰদান নকৰাত এতিয়া ক্ষোভ উজাৰিছে কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
ৰূপজ্যোতি কুৰ্মীয়ে কয় যে, ‘চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবে গুৱাহাটী চহৰৰ মাজমজিয়াত মাটি দিব পৰা নাই। খগেন মহন্ত, ডঃ ভূপেন হাজৰিকাৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে দিব পাৰিছিল, কিন্তু তৰুণ গগৈৰ ক্ষেত্ৰত দিব পৰা নাই। ইয়াতকৈ লাজৰ কথা একো নাই। এতিয়াও সময় আছে চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰক।’
বিধায়ক ৰূপজ্যোতিয়ে লগতে কয় যে, ‘ তৰুণ গগৈৰ স্মৃতি সংৰক্ষণৰ বাবে চহৰৰ মাজমজিয়াত আমি মাত্ৰ এক কঠা মাটি আমি বিচাৰিছিলো। মাৰিয়নী আৰু তিতাবৰবাসীয়ে বহু মাটি দিছে। কিন্তু পুত্ৰ গৌৰৱ গগৈৰ আশা মাজমজিয়াত শেষকৃত্য সম্পন্ন কৰাৰ।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|