• Home
  • »
  • News
  • »
  • assam
  • »
  • পুনৰ দুটাকৈ কোভিড পৰীক্ষা সম্পন্ন হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

পুনৰ দুটাকৈ কোভিড পৰীক্ষা সম্পন্ন হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

চিকিৎসালয়ত আমনি লাগিছে তৰুণ গগৈৰ ৷

চিকিৎসালয়ত আমনি লাগিছে তৰুণ গগৈৰ ৷

চিকিৎসালয়ত আমনি লাগিছে তৰুণ গগৈৰ ৷

  • Share this:
চিকিৎসালয়ত আমনি লাগিছে তৰুণ গগৈৰ ৷ তৰুণ গগৈৰ মন গৈছে ৰাজনীতি কৰিবলৈ ৷ চিকিৎসালয়ৰ বিচনাত বহি টিভিত বিধানসভাৰ বিতৰ্কৰ লৈছে আমেজ ৷ৰ'ব পৰা নাই চিকিৎসালয়ত ৷ বিগত প্ৰায় ৮ দিনে কোভিড আক্ৰান্ত হৈ গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত  চিকিৎসাধীন হৈ থকা তৰুণ গগৈক এতিয়া প্ৰায় সুস্থ হৈ উঠিছে ৷

বৰ্তমান তৰুণ গগৈৰ দেহত অক্সিজেনৰ পৰিমাণো সম্পূৰ্ণ স্বাভাৱিক অৱস্থাত আছে বুলি জনাইছে চিকিত্‍সকে। এটা বিশেষজ্ঞ চিকিত্‍সকৰ দৰে সম্পূৰ্ণ তদাৰক কৰি আছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্য।

ইফালে সোমবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ১ ইউনিট প্লাজমা দিয়া হয়। সেইদৰে মঙলবাৰে দুটাকৈ ৰেমডেচিভিৰ ইনজেকশ্যনো দিয়া হয় গগৈক। বুধবাৰে বৰ্ষীয়ান ৰাজনীতিবিদ গৰাকীক পুনৰ দুটাকৈ কোৰোণা পৰীক্ষা কৰোৱা হয়।  আৰু বৃহস্পতিবাৰে ফলাফল অহাৰ  পিছতহে তৰুণ গগৈক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হ’ব নে নহয় সেই সন্দৰ্ভত লোৱা হ'ব সিদ্ধান্ত ৷
Published by:Himangshu Bhuyan
First published: