চিৰনিদ্ৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গভীৰ শোক প্ৰকাশ

News18 Assam | News18-Assam
Updated:November 23, 2020, 6:39 PM IST
চিৰনিদ্ৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গভীৰ শোক প্ৰকাশ
গুৱাহাটীতে সম্পন্ন হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষকৃত্য

গুৱাহাটীতে সম্পন্ন হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষকৃত্য

  • Share this:
চিৰনিদ্ৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীৰ মৃত্যুত এতিয়া সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে। ৰাষ্ট্ৰীয় মৰ্যদাৰে গুৱাহাটীতে সম্পন্ন হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষকৃত্য। প্ৰথম অৱস্থাত তৰুণ গগৈৰ নশ্বৰ দেহ যোৰহাটলৈ লৈ যোৱাৰ কথা আছিল। কিন্তু তৰুণ গগৈৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে অসুস্থ হৈ পৰে পত্নী ডলী গগৈ। গতিকে পৰিয়ালৰ কথা চিন্তা চৰ্চা কৰি তৰুণ গগৈৰ শেষকৃত্য গুৱাহাটীতে সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে।



ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক জনপ্ৰিয় আৰু বিশিষ্ট ৰাজনীতিক আছিল বুলি অভিহিত কৰিছে। লগতে পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।
Published by: Himangshu Bhuyan
First published: November 23, 2020, 6:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading