• Home
  • »
  • News
  • »
  • assam
  • »
  • Kiren Rijiju|BJP: লক্ষ্য ২০২৪! নগাঁও লোকসভা আসন পুনৰুদ্ধাৰৰ দায়িত্ব কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক

Kiren Rijiju|BJP: লক্ষ্য ২০২৪! নগাঁও লোকসভা আসন পুনৰুদ্ধাৰৰ দায়িত্ব কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক

২০১৯ত কম ভোটৰ ব্যৱধানত বিজেপিয়ে হেৰুৱাইছিল নগাঁও লোকসভা আসন

২০১৯ত কম ভোটৰ ব্যৱধানত বিজেপিয়ে হেৰুৱাইছিল নগাঁও লোকসভা আসন

২০১৯ত কম ভোটৰ ব্যৱধানত বিজেপিয়ে হেৰুৱাইছিল নগাঁও লোকসভা আসন

  • Share this:
ভাৰতবৰ্ষত বিজেপিয়ে প্ৰথমবাৰ চৰকাৰ গঠন কৰাৰে পৰা বিজেপিৰ দখলত থকা সমষ্টিসমূহৰ ভিতৰত নগাঁও লোকসভা সমষ্টিও অন্যতম। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে ৪বাৰকৈ জয়ী হোৱা এই সমষ্টিটো ২০১৯ চনত দীৰ্ঘদিনৰ পিছত দখল কৰিছিল কংগ্ৰেছে। সংখ্যালঘূ ভোট বিভাজন ৰোধ কৰাৰ বাবে ২০১৯চনৰ নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিত AIUDFএ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পৰা বিৰত আছিল। ইয়াৰ ফলত যথেষ্ট লাভৱান হৈছিল কংগ্ৰেছৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। তথাপিও বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাক কংগ্ৰেছে মাথো কেইহাজাৰমান ভোটৰ ব্যৱধানতহে পৰাজিত কৰিবলৈ সক্ষম হৈছিল।

পিছে এইবাৰ কংগ্ৰেছ আৰু AIUDFৰ মাজত মিত্ৰতা ভংগৰ পিছত এইবাৰ নগাঁও লোকসভা আসনত বদৰুদ্দিন আজমলে পুনৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো প্ৰায় নিশ্চিত হৈছে। সেয়ে নগাঁও পুনৰুদ্ধাৰৰ বাবে এইবাৰ তৎপৰ হৈ পৰিছে বিজেপি। ইতিমধ্যে ২০২৪ৰ নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰিছে শাসকীয় দলটোৱে।

নগাঁও লোকসভা উদ্ধাৰৰ বাবে বিজেপিয়ে এইবাৰ দায়িত্ব অৰ্পণ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক। দেওবাৰে পুৱাই নগাঁৱৰ বীণাপাণী নাট্য মন্দিৰত সাংগঠনিক সভাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। এই সভাত বিধায়ক ৰূপক শৰ্মাৰ লগতে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত বিজেপিৰ ৫জন বিধায়ক উপস্থিত থকাৰ সম্ভাৱনা আছে। অৱশ্যে চৰকাৰী কাৰ্যসূচীৰ বাবে দিল্লীত থকা মন্ত্ৰী তথা জাগীৰোডৰ বিধায়ক পিযুষ হাজৰিকা সভাখনত উপস্থিত থকাৰ সম্ভাৱনা নাই। এই সভাত বিজেপিৰ জিলা, মণ্ডল আৰু বুথ পৰ্য্যায়ৰ নেতাসকলৰ লগতে নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বিজেপি নেতা দিপ্লুৰঞ্জন শৰ্মাও উপস্থিত থাকিব।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি