নগাঁও জিলাৰ কঠীয়াতলী বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন কন্দলীৰ তপতজুৰি চাহ বাগিচাত কালি নিশা এটা বন্যহস্তীৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে। আজি পুৱা মৃত বন্যহস্তীটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে বন বিভাগক খবৰ দিয়ে।
ইতিমধ্যে বন বিভাগে বন্যহস্তীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। বন্যহস্তীৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব বুলি বন বিভাগৰ লোকে জানিবলৈ দিয়ে।
উল্লেখ্য যে বন্যহস্তীটোৰ মৃত্যু হোৱা স্থানৰ কিছু নিলগত বিগত বৰ্ষত একেলগে ১৮টা বনৰীয়া হাতীৰ কৰুণ মৃত্যু হৈছিল। ইপিনে বিগত দুটা দিন ধৰি সন্ধিয়া কন্দলী পাহাৰৰ পৰা শতাধিক বন্যহস্তী থকা এটা দল নামি আহি কাফিতলী পথাৰৰ মাজেৰে বৰকন্দলী, ননৈ, জলাহ আদি স্থানত অৱস্থান কৰাত অঞ্চলসমূহৰ জনসাধাৰণ শংকিত হৈ পৰিছে।
সন্ধিয়া পাহৰৰ দাঁতিৰ পৰা গতি কৰা বন্যহস্তীৰ দলটোৱে নিশা নামনিৰ বিভিন্ন অঞ্চলৰ পথাৰত থকা পকা ধানৰ বিস্তৰ ক্ষতি কৰি কাহিলি পুৱা পুনৰ কন্দলী পাহাৰৰ দাঁতিত অৱস্থান কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।