তামুলপুৰৰ এগৰাকী যুৱকৰ হাতৰ পৰশত অসমীয়াৰ স্বাভিমান গামোচাত প্ৰাণ পাই উঠিছে অসমৰ স্বনামধন্য লোক সকলৰ ছবি। গামোচাতে বই উলিয়াইছে অসমৰ জাতীয় সংগীতৰ প্ৰতিটো আখৰ।
তামুলপুৰৰ এগৰাকী যুৱকৰ হাতৰ পৰশত অসমীয়াৰ স্বাভিমান গামোচাত প্ৰাণ পাই উঠিছে অসমৰ স্বনামধন্য লোক সকলৰ ছবি। গামোচাতে বই উলিয়াইছে অসমৰ জাতীয় সংগীতৰ প্ৰতিটো আখৰ।
তামুলপুৰৰ এজন বিশেষ যুৱক। যুৱকজনৰ ব্যতিক্ৰমী কাম-কাজে আকৰ্ষিত কৰিছে বহুতকে ৷ ইতিমধ্যে সামাজিক মাধ্যমতো যুৱকজন চৰ্চা লাভ কৰিছে । যুৱকজনৰ ঘৰ নৱগঠিত তামুলপুৰ জিলাৰ সমীপাৱৰ্তী বৰখোপা গাঁৱত। পিতৃ শুক্ৰদাস শৰণীয়া আৰু মাতৃ জোনালী দাসৰ পুত্ৰ ২০ বছৰীয়া বিজয় দাস ৰঙিয়া মহাবিদ্যালয়ৰ চতুৰ্থ ষান্মাষিকৰ ছাত্ৰ। বিজয় দাসে ঘৰতে তাত শালত বহি অসমীয়াৰ স্বভিমানৰ গামোচাত তুলি ধৰিছে অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ প্ৰতিচ্ছবি।
অধ্যয়নৰ সমান্তৰালভাৱে তাত শালত বহি বিজয় দাসে সুতাৰে তুলিছে সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, দীপালী বৰঠাকুৰ, জ্যোতিপ্ৰসাদ আগৰৱালা, মামণি ৰয়ছম গোস্বামী, হিৰেন ভট্টাচাৰ্য, জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, ভূপেন হাজৰিকা, বিষ্ণু প্ৰসাদ ৰাভাৰ লগতে ৰংঘৰ, কাৰেং ঘৰ, কামাখ্যা মন্দিৰৰ ছবি। এটা বছৰজোৰা দিনে নিশাই কৰা কষ্টৰ অন্তত এইদৰে গামোচাত সুন্দৰকৈ উপস্থাপন কৰি তুলিছে অসমৰ মান-স্বাভিমানৰ চিহ্ন সমূহ।
দৰিদ্ৰ পৰিয়ালৰ বিজয় দাসে তাত শালত গামোচা বৈ গামোচা বিক্ৰী কৰি অধ্যয়ন কৰে।তিনি বছৰ আগতে বিজয় দাসে তাত শালত অসমৰ জাতীয় সংগীত অংকন কৰিছিল। বিজয় দাসে প্ৰস্তুত কৰা এই গামোচা মিউজিয়ামত ৰখাৰ কথা ব্যক্ত কৰিছে স্থানীয় লোকে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|