কোৰোণাৰ কাল ৰূপ! কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে আন এজন অসম বিধানসভাৰ সদস্যই। বাক্সাৰ ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ ইউ পি পি এল দলৰ বিধায়ক লেহোৰাম বড়োৱে শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে।
জি এম চি এইচত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটে বিধায়কজনে ৷ যোৱা বৃহস্পতিবাৰে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল প্ৰথমবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বড়োক।
তামুলপুৰ বিধায়ক হোৱাৰ পূৰ্বে লেহৰাম বড়ো পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ খণ্ড উন্নয়ন বিষয়া (BDO) আছিল। খণ্ড উন্নয়ন বিষয়া হিচাপে কলাইগাওঁ, বৰচলা আৰু ওদালগুৰিত কাৰ্য্যনিৰ্বাহ কৰিছিল লেহৰাম বড়োৱে। বিধায়কজনৰ মৃত্যুত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|