• Home
  • »
  • News
  • »
  • assam
  • »
  • তামাৰহাটৰ হাতীধুৰা জামে মছজিদ পৰিচালনা সমিতিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, ঈদ–উজ–জোহাত গৰু কোৰবানি নিদিবলৈ আহ্বান

তামাৰহাটৰ হাতীধুৰা জামে মছজিদ পৰিচালনা সমিতিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, ঈদ–উজ–জোহাত গৰু কোৰবানি নিদিবলৈ আহ্বান

ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত হাতীধুৰাস্থিত হাতীধূৰা জামে মছজিদ প্ৰাংগনত বুধবাৰে জামে মছজিদ পৰিচালনা সমিতি আৰু হাতীধুৰা জিলা জমিয়তে যৌথভাৱে এক সংবাদমেলৰ আয়োজন কৰে।

ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত হাতীধুৰাস্থিত হাতীধূৰা জামে মছজিদ প্ৰাংগনত বুধবাৰে জামে মছজিদ পৰিচালনা সমিতি আৰু হাতীধুৰা জিলা জমিয়তে যৌথভাৱে এক সংবাদমেলৰ আয়োজন কৰে।

ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত হাতীধুৰাস্থিত হাতীধূৰা জামে মছজিদ প্ৰাংগনত বুধবাৰে জামে মছজিদ পৰিচালনা সমিতি আৰু হাতীধুৰা জিলা জমিয়তে যৌথভাৱে এক সংবাদমেলৰ আয়োজন কৰে।

  • Share this:
অসম চৰকাৰৰ গো-সুৰক্ষা আইনৰ প্ৰতি সঁহাৰি জনাই আগন্তুক কোৰবানী ঈদ বা ঈদ- উজ-জোহাত যাতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে গৰু কোৰবানী নিদিয়ে তাৰ বাবে হাতীধুৰা জামে মছজিদ পৰিচালনা সমিতিয়ে এক সাংবাদ মেল সম্বোধন কৰি ইছলাম ধৰ্মাৱলম্বী লোক সকলক আহ্বান জনায়।

ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত হাতীধুৰাস্থিত হাতীধূৰা জামে মছজিদ প্ৰাংগনত বুধবাৰে জামে মছজিদ পৰিচালনা সমিতি আৰু হাতীধুৰা জিলা জমিয়তে যৌথভাৱে এক সংবাদমেলৰ আয়োজন কৰে। উক্ত সংবাদ মেলত জামে মছজিদ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক আব্দুল হামিদ শ্বেখ আৰু বিশিষ্ট সমাজ কৰ্মী ব্যাক্তি ক্ৰমে মোছলেমউদ্দিন আহমেদ আৰু আতাউৰ  ৰহমান তালুকদাৰে কয় যে অসম চৰকাৰৰ গো-সুৰক্ষা আইনৰ প্ৰতি সন্মান জনাই আৰু আন আন ধৰ্মাৱলম্বী লোকসকলৰ লগত শান্তি, সম্প্ৰীতি, বন্ধুত্বপূৰ্ণ ভাৱ অক্ষুন্ন ৰক্ষাৰ স্বৰ্থত এইবেলি আগন্তুক ঈদ-উজ-জোহাত গৰু কোৰবানী নিদিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

তেওঁলোকে কয়, ধৰ্মীয় দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে দেশৰ আইনক মানি চলাটো ইছলামৰ ইমানৰ এটা অংগ। মুছলমান ইমানক বিশ্বাস কৰে, ইছলাম ধৰ্মৰ মূল সত্তা হ'ল ইমান, তাৰোপৰি দেশত নতুন আইন প্ৰণয়ন কৰিলে সেইটো মানি লোৱাটো মুছলমানসকলৰ ওৱাজিব, ওৱাজিৰ অৰ্থ জৰুৰী কৰ্তব্য, সেইটো মানিব চলিব লাগে। গৰু ইমান দিনে সহজলভ্য আছিল, গতিকে আমি গৰু কোৰবানী দিছো। যিহেতু বৰ্তমান চৰকাৰৰ ফালৰ পৰা বৰ্তমান নিষেধ কৰা হৈছে, ইছলাম ধৰ্মত সেয়াই নিৰ্দেশ দিয়া আছে যে অইন ধৰ্মৰ অনুভুতিত আঘাত দি কোনো ধৰ্ম কাৰ্য কৰা নাযায়। যিহেতু ঈদত কেবল মাত্ৰ গৰু কোৰবানী দিয়াৰ ইছলাম ধৰ্মত নিৰ্দেশ নাই আৰু আমাৰ ৰাজ্য তথা চৰকাৰৰ আইন মানি চলাটো ইছলামৰ এটা ডাঙৰ দায়িত্ব। সেয়ে ঈদ-উজ-জোহাত গৰুৰ পৰিৱৰ্তে আন জীৱ জন্তুক কোৰবানী দিবলৈ উক্ত বিশিষ্ট ব্যাক্তিসকলে অঞ্চলটোৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক আহ্বান জনায়।

উল্লেখ্য যে উক্ত সংবাদ মেলত জামে মছজিদ পৰিচালনা সমিতি আৰু হাতীধুৰা জিলা জমিয়তৰ উপৰি বৃহত্তৰ হাতীধুৰা ইছলাম সমাজৰ লগতে বিভিন্ন সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে।
Published by:Sanjay Kumar Das
First published: