স্বাধীনতা দিৱসৰ পূৰ্বে সাৰ পালে স্মাৰ্ট চিটীৰ বিষয়ববীয়া, গান্ধী মণ্ডপত পুনৰ উৰিল দেশৰ তৃতীয় সুউচ্চ ত্ৰিৰংগা

News18-Assam
Updated:August 14, 2019, 5:03 PM IST
স্বাধীনতা দিৱসৰ পূৰ্বে সাৰ পালে স্মাৰ্ট চিটীৰ বিষয়ববীয়া, গান্ধী মণ্ডপত পুনৰ উৰিল দেশৰ তৃতীয় সুউচ্চ ত্ৰিৰংগা
বুধবাৰে পুৱা হঠাৎ শৰণীয়া পাহাৰত জি এম ডি এ আৰু স্মাৰ্ট চিটীৰ বিষয়ববীয়াৰ উপস্থিতিত উত্তোলন কৰা হয় পতাকাখন।

বুধবাৰে পুৱা হঠাৎ শৰণীয়া পাহাৰত জি এম ডি এ আৰু স্মাৰ্ট চিটীৰ বিষয়ববীয়াৰ উপস্থিতিত উত্তোলন কৰা হয় পতাকাখন।

  • Share this:
হীৰক জ্যোতি মালাকৰ : দেশৰ ৭৩সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বে হঠাৎ সাৰ পালে স্মাৰ্ট চিটীৰ বিষয়ববীয়া। মহানগৰীৰ শৰণীয়া পাহাৰত দেশৰ তৃতীয় সুউচ্চ পতাকা উত্তোলন কৰি চমক সৃষ্টি কৰাৰ এমাহ পিছতে সেই কৃতিত্ব মাটিৰ লগত মিলাইছিল একাংশ বিভাগীয় বিষয়া–কৰ্মচাৰীয়ে৷ দীৰ্ঘদিন ধৰি অন্তৰ্ধান হৈ থকাৰ পিছত স্বাধীনতা দিৱসৰ এদিন পূৰ্বে পুনৰ গান্ধী মণ্ডপত উৰিল দেশৰ তৃতীয় সুউচ্চ ত্ৰিৰংগা।

২০১৮ চনৰ গান্ধী জয়ন্তীৰ দিনটোত ৰাজ্য চৰকাৰৰ উদ্যোগত উত্তোলন কৰা হৈছিল এই সুউচ্চ পতাকাখন। উত্তোলন কৰাৰ পিছত ৬ বাৰকৈ ফাটি গৈছিল পতাকাখন। নিম্নমানৰ হোৱাৰ বাবেই পতাকাখন বাৰে বাৰে ফাটি যোৱাৰ অভিযোগ উত্থাপন হৈছিল।

বুধবাৰে পুৱা হঠাৎ শৰণীয়া পাহাৰত জি এম ডি এ আৰু স্মাৰ্ট চিটীৰ বিষয়ববীয়াৰ উপস্থিতিত উত্তোলন কৰা হয় পতাকাখন। উল্লেখযোগ্য যে এইবাৰ উত্তোলন কৰা পতাকাখনৰ দৈৰ্ঘ্য ১২০ ফুট আৰু প্ৰস্থ ৮০ ফুট। আজি পুৱা স্বাধীনতা দিৱস উপলক্ষে চাফ–চিকুণ কৰোৱা হয় গান্ধী মণ্ডপৰ চৌহদ।
আৰু চাওক পৰৱৰ্তী বাতৰি