মুখ্যপৃষ্ঠা » খবৰ

» অসম

»বিৰোধীত নাথাকে BPF, মুখ্যমন্ত্ৰী আৰু বিপিএফ প্ৰধানৰ মাজত চলি আছে আলোচনা

বিৰোধীত নাথাকে BPF, মুখ্যমন্ত্ৰী আৰু বিপিএফ প্ৰধানৰ মাজত চলি আছে আলোচনা

News18 Assam | News18-Assam
Updated:August 18, 2021, 4:12 PM IST
বিৰোধীত নাথাকে BPF, মুখ্যমন্ত্ৰী আৰু বিপিএফ প্ৰধানৰ মাজত চলি আছে আলোচনা
শাসকীয় মিত্ৰজোঁট শক্তিশালী স্থিতিত আছেঃ বিপিএফ

শাসকীয় মিত্ৰজোঁট শক্তিশালী স্থিতিত আছেঃ বিপিএফ

  • Share this:

বহু জল্পনা-কল্পনাৰ অন্তত বিপিএফ দলে আগন্তুক গোসাঁইগাঁও আৰু তামুলপুৰ সমষ্টিৰ উপ–নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে। হাগ্ৰামা মহিলাৰীৰ দল বিপিএফে গোসাঁইগাঁও আৰু তামুলপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ওদালগুৰি সমষ্টিতো যদি উপ–নিৰ্বাচন হয়, তেন্তে বিপিএফ দলৰ প্ৰাৰ্থী হ'ব প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰী।


গোসাঁইগাঁও আৰু তামুলপুৰ সমষ্টিত প্ৰাৰ্থিত্বৰ একাধিক দাবীদাৰ ওলাইছে। এই কথা News18ক জনাই বিপিএফৰ বিধায়িনী দলৰ নেতা দুৰ্গাদাস বড়োৱে। বিৰোধীত থাকিব নিবিচাৰে বিপিএফ দলে। বিপিএফ দল আৰু দলটোৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক সংস্থাপনৰ বাবে চলি আছে নতুন ফৰ্মূলা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ মাজত পোনপটীয়াকৈ চলি আছে আলোচনা।


দুয়োগৰাকী নেতাৰ মাজত কেইবালানি আলোচনা চলি থকাৰ কথা জানিবলৈ দিয়ে দুৰ্গাদাস বড়োৱে। কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়োৰ দাবী বিটিচি কাউন্সিলত গোপন বেলট হ'লে আজিও বিপিএফ দলে পৰিষদ গঠন কৰিব। ইফালে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ শক্তি দিনক দিনে বৃদ্ধি হৈ গৈ আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে দুৰ্গাদাস বড়োৱে।



বিধায়ক দুৰ্গাদাস বড়োৰ মতে ৰাজ্যসভাৰ আগন্তুক আসনসমূহত জয় কৰোৱাৰ বাবে বিজেপিয়ে চেষ্টা চলোৱাটো স্বাভাৱিক। উল্লেখ্য যে ২০২২ চনতো দুখন আসনত ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব।

Published by: Gautam Barman
First published: August 18, 2021, 4:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি