ভয়ংকৰ! উত্তৰ প্ৰদেশৰ তবলিগি জামাতৰ সদস্যই বিপদ মাতিছে নেকি অসমলৈ?

News18 Assam | News18-Assam
Updated:April 3, 2020, 11:00 PM IST
ভয়ংকৰ! উত্তৰ প্ৰদেশৰ তবলিগি জামাতৰ সদস্যই বিপদ মাতিছে নেকি অসমলৈ?
২১, ২২ মাৰ্চত অসমলৈ ধৰ্ম প্ৰচাৰৰ বাবে উত্তৰ প্ৰদেশৰ পৰা আহিছিল বহু তবলিগি জামাতৰ সদস্য

২১, ২২ মাৰ্চত অসমলৈ ধৰ্ম প্ৰচাৰৰ বাবে উত্তৰ প্ৰদেশৰ পৰা আহিছিল বহু তবলিগি জামাতৰ সদস্য

  • Share this:
২১, ২২ মাৰ্চত অসমলৈ ধৰ্ম প্ৰচাৰৰ বাবে উত্তৰ প্ৰদেশৰ পৰা আহিছিল বহু তবলিগি জামাতৰ সদস্য ৷ ইয়াৰে বহু সদস্য এই পৰ্য্যন্ত চিনাক্ত হ’ল যদিও বহুলোকক এতিয়ালৈ চিনাক্ত কৰিব পৰা নাই প্ৰশাসনে ৷ যাৰ বাবে বিপদত পৰিছে সমগ্ৰ অসম ৷ কিয়নো অসমত শুকুৰবাৰে পুনৰ উত্তৰ প্ৰদেশৰ পৰা অহা তবলিগি জামাতৰ তিনি সদস্যৰ দেহত ধৰা পৰিছে কোভিড 19 ৷

ইয়াৰ পূৰ্বেও আন এগৰাকী সদস্যৰ দেহত ওলাইছিল ক'ৰোণা ভাইৰাছ ৷ অসমত ক’ৰোণাত আক্ৰান্ত বুলি চিনাক্ত কৰা উত্তৰ প্ৰদেশৰ তিনি ব্যক্তিৰ নাম ক্ৰমে, মহম্মদ ৰুজুৱান, মহম্মদ চাৰুক, আৰু মহম্মদ হামিদ ৷ উত্তৰ প্ৰদেশৰ পৰা এই তিনি সদস্য ২২ মাৰ্চত আহিছিল নলবাৰীলৈ ৷ উদ্দেশ্য আছিল গাও অঞ্চলত ধৰ্মীয় শিক্ষা প্ৰদান কৰা ৷

তিনি সদস্যই ইতিমধ্যে নলবাৰীত কটালে কৰিলে ১০ টা দিন ৷ সেয়েহে সন্দেহ হৈছে তিনি সদস্যই বাহৰ পাতি থকা অঞ্চলটোত বহু লোকৰ দেহলৈ ক'ৰোণা সংক্ৰমণ কৰিছে ৷ যদিও অঞ্চলটোৰ বহু লোকক ইতিমধ্যে চিনাক্ত কৰি আছুতীয়া কক্ষত থকাৰ ব্যৱস্থা কৰিছে চৰকাৰে ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading