আজিৰ সময়ত হিন্দু-মুছলিমৰ মাজৰ সম্প্ৰীতিৰ এনাজৰীডাল যেন ক'ৰবাত ছিগো ছিগো হৈছে ৷ ধৰ্মৰ নামত খেলা ৰাজনীতিৰ পাশাখেলখনে সমাজত সৃষ্টি কৰিছে ভাঙোনৰ ৷ তাৰ মাজতে গুৱাহাটীৰ এখন পূজা মণ্ডপত দেখা গৈছে ব্যতিক্ৰমী দৃশ্য৷ একেটা মণ্ডপতে এফালে পূজা আৰু আনফালে ফাতেহা-ই-দোৱাজ-দহম ৷
গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত বিপণন ক্ষেত্ৰই কৰিছে এই ব্যতিক্ৰমী প্ৰয়াস ৷ যি সময়ত হিন্দু-মুছলমানৰ মাজত থকা সম্প্ৰীতিলৈ আহিছে অশুভ সময়, সেই সময়তে সম্প্ৰীতিৰ এনাজৰীৰে হিন্দু–মুছলমানক বান্ধি ৰাখিবলৈ চেষ্টা কৰিছে বিপণন ক্ষেত্ৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে ৷
একেটা মণ্ডপতে এফালে চলিব পূজা, এফালে চলিব ফাতেহা-ই-দোৱাজ-দহম ৷ চাৰি বছৰত ভৰি দিয়া বিপণন ক্ষেত্ৰৰ পূজাত বাহুল্য, জাকজমকতাৰ সলনি গুৰুত্ব দিছে ভক্তিতহে ৷ বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা, বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহকে ধৰি সমাজৰ গণ্যমান্য ব্যক্তি জড়িত থকা পূজাখনিৰ মহালয়াৰ চণ্ডী পাঠ, স্তোত্ৰ পাঠতো হিন্দু মহিলাৰ লগত ভাগ লৈছিল মুছলমান মহিলায়ো ৷
"সময় বৰ কঠিন হৈ গৈ আছে ৷ ভেদাভেদ ক্ৰমান্বয়ে বাঢ়ি গৈছে ৷ কিন্তু আমি সাতামপুৰুষীয়া বান্ধোন পাহৰিলে নহ'ব ৷ শংকৰ গুৰুজনাক যিদৰে ভক্তি কৰোঁ, ঠিক একেদৰে আজান ফকীৰকো শ্ৰদ্ধা কৰোঁ ৷ আমি বিহুৰ সময়তো আমাৰ শিপাডাল খামুচি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ ৷ দুৰ্গা পূজাৰ সময়তো আমি দুয়োটা ধৰ্মৰ মানুহ মিলি উদযাপন কৰিবলৈ লৈছোঁ৷" বিপণন ক্ষেত্ৰৰ স্বত্বাধিকাৰী নয়নজ্যোতি ভট্টাচাৰ্যই কয়।
উল্লেখ্য, বিপণন ক্ষেত্ৰৰ পূজাৰ বিভিন্ন কামত সহায়–সহযোগিতা আগবঢ়াইছে জুৰিপাৰ তথা পাঞ্জাবাৰী অঞ্চলৰ মুছলমান লোকসকলে ৷ ঠিক একেদৰে ফাতেহা–ই–দোৱাজ–দহমত জিকিৰ আদিত ভাগ ল'ব স্থানীয় হিন্দু লোকে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|