সোণাপুৰত আৰম্ভ হৈছে গাহৰিৰ অচিন ৰোগ, ডি ডি ফাৰ্মা নামৰ প্ৰতিষ্ঠান এটাত হঠাৎ দেখা দিয়া অচিন ৰোগৰ ফলত এটি নিশাতে কেইবাটাও উন্নত প্ৰজাতিৰ গাহৰি মৃত্যুমুখত পৰাত মূৰৰ ওপৰত সৰগ ভাঙি পৰিছে এজন গাহৰি পালকৰ।
সোণাপুৰৰ খৰিকটীয়াত গাঁঠিৰ ধন ভাঙি নিজকে স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে গঢ়ি তোলা গাহৰি ফাৰ্মখনত এক অচিন ৰোগত যোৱা নিশা ১৫ টাকৈ উন্নত প্ৰজাতিৰ গাহৰিৰ মৃত্যু হোৱাত দিক-বিদিক হেৰুৱাই পেলাইছে গাহৰি পালক দিজয় দাসে।
নিশাটোৰ ভিতৰতে এনেদৰে নিজৰ ফাৰ্মখনত গাহৰিৰ অস্বাভাৱিক মৃত্যু হোৱাত লগে লগে যোগাযোগ কৰে পশু-চিকিৎসকৰ সৈতে। এই খবৰ লাভ কৰি কামৰূপ মহানগৰ জিলাৰ পশু-চিকিৎসা বিভাগৰ চিকিৎসকৰ দল এটাই দিজয় দাস নামৰ গাহৰি পালকজনৰ ফাৰ্মখন পৰিদৰ্শন কৰাৰ লগতে মৃত গাহৰি কেইটাৰ মৰণোত্তৰ পৰীক্ষা কৰি বিভিন্ন নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে। চিকিৎসকৰ দলটোৱে অনুমান কৰা মতে, সম্ভৱত আফ্ৰিকান ছোৱাইন ফিভাৰৰ বাবেই এনেদৰে অস্বাভাৱিককভাৱে লোকজনৰ ফাৰ্মখনৰ গাহৰিবোৰৰ মৃত্যু ঘটিছে।
চিকিৎসকৰ দলটোৱে এই বুলিও জানিব দিয়ে যদিহে পৰীক্ষাত ছোৱাইন ফিভাৰৰ বাবেই গাহৰিবোৰৰ মৃত্যু হোৱা বুলি নিশ্চিত হয় তেনেহ'লে ফাৰ্মখনৰ এক কিলোমিটাৰ ব্যৰ্সাদ্ধত থকা অনান্য গাহৰিসমূহ নিধন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব পশু চিকিৎসা বিভাগে; যাতে এই ৰোগে ভয়াৱহ ৰূপ ল'ব নোৱাৰে। আনহাতে, দহ লাখৰো অধিক লোকচান হোৱা গাহৰি পালকজনে এই ক্ষেত্ৰত চৰকাৰক সহায় কৰিবলৈ আহ্বান জনায়। গাহৰিৰ বীমাৰ ব্যৱস্থা গ্ৰহণ কৰি গাহৰি পালক সকলক সহায় কৰিবলৈও আহ্বান জনায়। অৰ্ধ শতাধিক গাহৰি থকা ফাৰ্মখনৰ আটাইবোৰ মৃত্যু হলে বহু লাখ টকা লোকচান হোৱাৰ লগতে বহুজনে হেৰুৱাব লাগিব কৰ্ম সংস্থাপন।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|