• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যত শ্বোৱাইন ফিভাৰৰ সংহাৰী ৰূপ! বিশ্বনাথত ১৫৭টাকৈ গাহৰিৰ মৃত্যু, প্ৰশাসনে নিষিদ্ধ কৰিলে গাহৰি মাংসৰ বিক্ৰী

ৰাজ্যত শ্বোৱাইন ফিভাৰৰ সংহাৰী ৰূপ! বিশ্বনাথত ১৫৭টাকৈ গাহৰিৰ মৃত্যু, প্ৰশাসনে নিষিদ্ধ কৰিলে গাহৰি মাংসৰ বিক্ৰী

বৃহস্পতিবাৰে চিকিৎসকৰ দলটোৱে দণ্ডাধীশৰ উপস্থিতিত আফ্ৰিকান শ্বোৱাইন ফিভাৰত আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰি ৭০টাকৈ গাহৰি নিধন কৰে।

বৃহস্পতিবাৰে চিকিৎসকৰ দলটোৱে দণ্ডাধীশৰ উপস্থিতিত আফ্ৰিকান শ্বোৱাইন ফিভাৰত আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰি ৭০টাকৈ গাহৰি নিধন কৰে।

বৃহস্পতিবাৰে চিকিৎসকৰ দলটোৱে দণ্ডাধীশৰ উপস্থিতিত আফ্ৰিকান শ্বোৱাইন ফিভাৰত আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰি ৭০টাকৈ গাহৰি নিধন কৰে।

  • Share this:
ৰাজ্যত শ্বোৱাইন ফিভাৰৰ সংহাৰী ৰূপ ৷ ১৫৭ টাকৈ গাহৰিৰ মৃত্যুৰ পিছত বিশ্বনাথত উপস্থিত হ'ল গুৱাহাটীৰ পৰা অহা বিশেষজ্ঞ চিকিৎসকৰ দল ৷ সন্দেহৰ আৱৰ্তত থকা গাহৰি হত্যা কৰি পুতি পেলোৱা হৈছে ৷ গাহৰিৰ মাংস বিক্ৰীত নিষেধাজ্ঞা ৷ বৃহস্পতিবাৰে ৭০টাকৈ গাহৰি নিধন কৰি পুতি পেলালে পশুপালন বিভাগে ৷

বৃহস্পতিবাৰে চিকিৎসকৰ দলটোৱে দণ্ডাধীশৰ উপস্থিতিত আফ্ৰিকান শ্বোৱাইন ফিভাৰত আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰি ৭০টাকৈ গাহৰি নিধন কৰে। নিধন কৰা গাহৰিসমূহ গাত খান্দি পুতি পেলোৱা হৈছে ৷ বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিচাৰ পৰা শ্বোৱাইন ফিভাৰ যাতে ৰাজ্যৰ অন্যান্য ঠাইলৈ বিয়পি পৰিব নোৱাৰে তাৰ বাবে পশুপালন বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

আনহাতে "আফ্ৰিকান ছোৱাইন ফিভাৰ" সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰ হৈ পৰিছে বিশ্বনাথ জিলা প্ৰশাসন। গাহৰিৰ মাংস আৰু গাহৰিৰ দেহৰ পৰা "আফ্ৰিকান ছোৱাইন ফিভাৰ"ৰ সংক্ৰমণ প্ৰতিৰোধ কৰা আৰু সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে জিলাখনৰ প্ৰতাপগড় চাহ বাগিছাৰ পুৰণি বস্তি লাইন আৰু অন্যান্য পাচঁখন গাঁৱৰ উপৰিও বলোডোঙা আৰু অন্যান্য ৫৯ খন গাঁৱৰ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আক্ৰান্ত অঞ্চল/কণ্টেইনাৰ জ'ন আৰু এই সংক্ৰমিত এলেকাৰ দহ কিলোমিটাৰ ভিতৰত নিৰীক্ষণ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে।

অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ যুটীয়া সচিবৰ ৩০ এপ্ৰিল, ২০২২ তাৰিখে জাৰি কৰা ভিএফএন.২১৮/২০২০/২৩৪ নম্বৰৰ জাননী অনুসৰি বিশ্বনাথ জিলা দণ্ডাধীশ মুনীন্দ্ৰ নাথ ঙাটেই "পশুৰ সংক্ৰমণ প্ৰতিৰোধ আৰু সংক্ৰামক ৰোগ প্ৰতিৰোধ আইন-২০০৯"ৰ অধীনত প্ৰদান কৰা ক্ষমতা প্ৰয়োগৰ কৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ২মে',২০২২ তাৰিখে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।

সেই অনুসৰি কোনো জীৱিত গাহৰি বা গাহৰিৰ খাদ্য বা গাহৰিৰ মাংস আৰু গাহৰিৰ মাংসৰ সামগ্ৰী অঞ্চলটোৰ পৰা বাহিৰলৈ নিবলৈ বা অনাৰ অনুমতি দিয়া নহ'ব। সেইদৰে কোনো সামগ্ৰী বা জন্তুৰ বাহনে সংক্ৰমিত অঞ্চলৰ পৰা বা বাহিৰৰ কোনো জন্তু কঢ়িয়াই নিব নোৱাৰিব, একেদৰে ঘোষিত সংক্ৰমিত অঞ্চলৰ মাজেৰে পথ বা ৰে'লপথৰ মাজেৰে জন্তুৰ (গাহৰি) বাহনৰ চলাচল কৰিব পাৰিব যদিও পশু চিকিৎসা কৰ্তৃপক্ষৰ দ্বাৰা জাৰি কৰা চেনিটাইজেশ্যন প্ৰমাণপত্ৰৰ অবিহনে নমাব নোৱাৰিব। কোনো ব্যক্তিক "আফ্ৰিকান ছোৱাইন ফিভাৰ"ৰ পৰা সংক্ৰমিত বা সংক্ৰমিত হোৱা কোনো গাহৰি জীৱিত বা মৃত অৱস্থাত উলিয়াবলৈ অনুমতি দিয়া নহয়। কোনো ব্যক্তিক কোনো গাহৰিৰ খাদ্য বা বিচনাৰ সামগ্ৰী বা আন সামগ্ৰী কঢ়িয়াবলৈ অনুমতি দিয়া নহয় যি আফ্ৰিকান ছোৱাইন ফিভাৰৰ পৰা সংক্ৰমিত বা সন্দেহ কৰা যিকোনো জন্তুৰ সংস্পৰ্শলৈ আহিছে।

ইয়াৰোপৰি কোনো ব্যক্তি, সংগঠন বা প্ৰতিষ্ঠানে কোনো পশু বজাৰ, পশু মেলা, পশু প্ৰদৰ্শনী অনুষ্ঠিত কৰা আৰু এনে কোনো কাৰ্যকলাপ চলাব নোৱাৰিব য'ত অঞ্চলটোৰ ভিতৰত গাহৰিৰ গোট বা সংগ্ৰহ অন্তৰ্ভুক্ত থাকে। ইফালে কোনো ব্যক্তিয়ে আফ্ৰিকান ছোৱাইন ফিভাৰৰ দ্বাৰা সংক্ৰমিত বা সন্দেহ কৰা কোনো গাহৰি বজাৰ, নিৰপেক্ষ প্ৰদৰ্শনী আন মণ্ডলী বা কোনো ৰাজহুৱা স্থানলৈ অনা বা অনাৰ চেষ্টা নকৰিব বুলিও নিৰ্দেশটোত কোৱা হৈছে তথা
পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই আদেশ বাহাল থাকিব আৰু উলংঘাকাৰীৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি