কি শাস্তি পাব শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ ৩ দোষীয়ে? আজি ঘোষণা কৰিব আদালতে

২০১৭ চনৰ ৪ ডিচেম্বৰত প্ৰেমিক গোবিন্দ সিংঘালে নৃশংসভাৱে হত্যা কৰিছিল ছাত্ৰী শ্বেতা আগৰৱালক।

News18-Assam
Updated:August 3, 2019, 8:37 AM IST
কি শাস্তি পাব শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ ৩ দোষীয়ে? আজি ঘোষণা কৰিব আদালতে
২০১৭ চনৰ ৪ ডিচেম্বৰত প্ৰেমিক গোবিন্দ সিংঘালে নৃশংসভাৱে হত্যা কৰিছিল ছাত্ৰী শ্বেতা আগৰৱালক।
News18-Assam
Updated: August 3, 2019, 8:37 AM IST
আজি মহানগৰীৰ চাঞ্চল্যকৰ শ্বেতা আগৰৱালা হত্যাকাণ্ডত দোষী সাব্যস্ত হোৱা তিনি অভিযুক্তৰ শাস্তি ঘোষণা কৰিব আদালতে। জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ঘোষণা কৰিব ৩ দোষীৰ শাস্তি। মঙলবাৰে আদালতত শাস্তি দুয়োপক্ষৰ শুনানি সম্পন্ন হৈছিল। শ্বেতা আগৰৱালাৰ প্ৰেমিক গোবিন্দ সিংঘাল আৰু তেওঁৰ মাতৃ–ভগ্নীক দোষী সাব্যস্ত কৰিছিল আদালতে। এই গোচৰ সন্দৰ্ভত ২০জনকৈ সাক্ষীয়ে সাক্ষ্যদান কৰিছিল আদালতত। অভিযুক্ত পক্ষৰ হৈ সাক্ষী দিছিল তিনিজন লোকে।

উল্লেখযোগ্য যে ২০১৭ চনৰ ৪ ডিচেম্বৰত প্ৰেমিক গোবিন্দ সিংঘালে নৃশংসভাৱে হত্যা কৰিছিল ছাত্ৰী শ্বেতা আগৰৱালক। নিজৰ ঘৰতে গোবিন্দই হত্যা কৰিছিল শ্বেতাক। গোবিন্দৰ বাসগৃহৰ বাথৰুমত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হৈছিল শ্বেতাৰ মৃতদেহ। সিংঘালৰ মাতৃ আৰু ভগ্নীয়েও সহযোগ কৰিছিল হত্যাকাণ্ডত।
আৰু চাওক পৰৱৰ্তী বাতৰি